Pahelgam : পহলগামত সংঘটিত আক্ৰমণৰ পাছত সকলো পাকিস্তানী নাগৰিককে ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হয়। সেই নিৰ্দেশৰ পাছতে ৰাজ্যসমূহে পাকিস্তানী নাগৰিকক চিনাক্ত কৰি নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে ১৩৯ গৰাকী পাকিস্তানী নাগৰিকক প্ৰত্যাৱৰ্তন কৰা হৈছে।ভাৰত এৰি যোৱাৰ পথত অমৃতসৰত মৃত্যু হয় এজন পাকিস্তানী নাগৰিকৰ।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম আব্দুল ৱাহিদ (৬৯)। তেওঁ ১৭ বছৰ ভাৰতত বাস কৰিছিল। কিন্তু আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো তেওঁ ভাৰততে আছিল।
অটাৰী হৈ তেওঁক পাকিস্তানলৈ ঘূৰাই পঠোৱাৰ কথা আছিল আৰু সেই অনুসৰি, তেওঁ ৰাওনা হয়। কিন্তু অমৃতসৰৰ সমীপত, তেওঁ হঠাতে অসুস্থ হৈ পৰে। তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।চিকিৎসকে জনোৱা মতে, হৃদৰোগত আব্দুলৰ মৃত্যু হয়।