Goalpara Fire:
গোৱালপাৰাৰ আগিয়াত বিধ্বংসী অগ্নিকাণ্ড ৷ ভয়ংকৰ অগ্নিকাণ্ডত মুহূৰ্ততে জাহ গ’ল এটা ৰবৰৰ গুদাম। পবিত্ৰ কলিতা নামৰ ব্যৱসায়ীজনৰ আছিল গুদামটো। অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও বিধ্বংসী জুয়ে আগুৰি ধৰে ৰবৰ ভৰ্তি গুদামটো ৷
ADVERTISEMENT
কেনেকৈ সংঘটিত হয় অগ্নিকাণ্ড এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা মতে চৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷