Punjab: পঞ্জাৱত বিএছএফ-আৰক্ষীৰ যৌথ অনুসন্ধানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

1746097840 arms

পঞ্জাৱৰ অমৃতসৰৰ এখন গাঁৱৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। বৃহস্পতিবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু বি এছ এফে যৌথ তালাচী অভিযান আৰম্ভ কৰে।

ADVERTISEMENT

সেই সময়ত ভৰোপাল গাঁৱৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰৰ মতে, তেওঁলোকে অমৃতসৰত অবৈধ অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰখাৰ তথ্য দীৰ্ঘদিন ধৰি লাভ কৰি আহিছিল। পঞ্জাৱত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰা বুলিও বি এছ এফে তথ্য লাভ কৰিছিল। সেই খবৰ পোৱাৰ লগে লগে বি এছ এফে আৰক্ষীৰ স’তে যোগাযোগ কৰে।

বি এছ এফৰ সূত্ৰ অনুসৰি উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণৰ পৰা অনুমান কৰিব পাৰি যে ৰাজ্যখনত এক বৃহৎ অভিযানৰ পৰিকল্পনা কৰা হৈছিল।

যদিও আৰক্ষী আৰু তেওঁলোকৰ প্ৰচেষ্টাই ষড়যন্ত্ৰটো বিফল কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অমৃতসৰৰ আন এখন গাওঁ চাহৱালৰ পৰা গ্ৰেনেড, আৰডিএক্স, পিষ্টল, ২২০ ৰাউণ্ড গোলাবাৰুদ, ৰিম’ট কণ্ট্ৰোল আৰু বেটাৰী চাৰ্জাৰ উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে,দুদিন আগতে, আৰক্ষীয়ে অমৃতসৰৰ পৰা এজন যুৱকক পাঁচটা বিদেশী বন্দুক আৰু বহুতো কাৰ্ট্ৰিজসহ গ্ৰেপ্তাৰ কৰিছিল।

সূত্ৰ অনুসৰি, অভিযুক্তজনক জেৰা কৰি কেবাঠাইতো তালাচী চলোৱা হৈছিল।

Exit mobile version