পহলগামক কাণ্ডক লৈ উত্তেজনাৰ মাজতে নতুনকৈ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফল! দাবি পাকিস্তানৰ 

1746261945 pakistan missile

Ballistic Missile Test : মধ্যম দূৰত্বৰ এটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা।শনিবাৰে এই দাবী কৰিলে পাকিস্তানে।যি সময়ত পহলগাম কাণ্ডৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অৱনতি ঘটিছে,সেই সময়ত ইছলামবাদৰ এই দাবী তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ADVERTISEMENT

একাধিক পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ক্ষেপণাস্ত্ৰৰ নাম ‘আবদালী’। পাকিস্তান সেনাৰ ‘সিন্ধ’ নামৰ অনুশীলনৰ সময়ত এই ক্ষেপণাস্ত্ৰ সফলতাৰে নিক্ষেপ কৰা হৈছিল।

পাকিস্তান চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে, “সেনাৰ প্ৰস্তুতি নিশ্চিত কৰাৰ বাবে আৰু কাৰিকৰী পৰিমাপসমূহৰ বৈধতা নিশ্চিত কৰিবলৈ এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে।”

বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰযুক্তিগত উন্নয়ন আৰু আন্তঃগাঁথনিগত প্ৰস্তুতিৰ পৰ্যালোচনাৰ পাছত পাকিস্তানৰ নিৰাপত্তা বজাই ৰখাৰ বাবে পাকিস্তানৰ প্ৰস্তুতিৰ ওপৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সামৰিক নেতাসকলে “সম্পূৰ্ণ আস্থা” ৰাখিছে।

এই ক্ষেপণাস্ত্ৰই পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম নে নহয় সেয়া স্পষ্ট নহয়। তথ্য অনুসৰি,ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সময়ত পাকিস্তান সেনাৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত আছিল।

উল্লেখ্য যে,পহলগাম কাণ্ডৰ পাছত একেৰাহে ন দিন ধৰি জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে। ভাৰতে এই ঘটনাক সীমান্তত প্ৰৰোচনা সৃষ্টিৰ প্ৰয়াস হিচাপে লৈছে। এই পৰিৱেশত ইছলামবাদে এইবাৰ সফল ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ দাবী কৰিছে।

Exit mobile version