Pahelgam: পহলগাম কাণ্ডৰ স’তে জড়িত জম্মু কাৰাগাৰত থকা দুজন উগ্ৰপন্থীক জেৰা অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। পহলগাম আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী দুজনৰ নাম থকাৰ সন্দেহ কৰিছে তদন্তকাৰীসকলে।আৰু সেই সূত্ৰৰ সন্ধানত জম্মু কাৰাগাৰত দুজন কয়দীৰ জেৰা চলি আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
সূত্ৰ অনুসৰি, ৰাজৌৰীত হোৱা আক্ৰমণত জড়িত থকাৰ অভিযোগত মুস্তাক আৰু নিছাৰ নামৰ দুজন সন্ত্ৰাসবাদীক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। দুয়োজনে উগ্ৰপন্থীসকলৰ ‘অভাৰগ্ৰাউণ্ড কৰ্মী’ হিচাপে কাম কৰিছিল।
২০২৩ চনৰ এপ্ৰিল মাহত ৰাজৌৰীত এটা আইইডি বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোত দুটা শিশুসহ সাতজন লোক নিহত হয়। আন বহুতো লোক আঘাতপ্ৰাপ্ত হৈছিল।
আক্ৰমণটোত জড়িত থকাৰ অভিযোগত মুস্তাক আৰু নিছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ্য যে,তেতিয়াৰ পৰাই তেওঁলোকক বন্দী কৰি ৰখা হৈছে।
সূত্ৰ অনুসৰি, পহেলগাম হত্যাকাণ্ডৰ পাছত সন্ত্ৰাসবাদী দুজনৰ নাম পুনৰ উত্থাপিত হৈছে। দুয়োজন সন্ত্ৰাসবাদীক সন্দেহযুক্তৰ তালিকাত ৰখা হৈছে।
পহলগাম কাণ্ডৰ লগত এই দুই উগ্ৰপন্থীৰ কোনো সম্পৰ্ক আছে নে নাই তাক তদন্ত কৰিছে তদন্তকাৰীয়ে। জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ মাচিল, কেৰাণ, নৌগাম, বাৰামুল্লা আৰু উৰিতো তদন্ত অব্যাহত আছে।
সন্ত্ৰাসবাদীয়ে এই অঞ্চলবোৰৰ মাজেৰে পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে । কেৱল সেয়াই নহয়, সন্ত্ৰাসবাদীয়ে এই অঞ্চলসমূহত আশ্ৰয় ল’ব পাৰে বুলিও সন্দেহ কৰা হৈছে।
যোৱা দুদিনত ১০০ৰো অধিক স্থানীয় লোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছে। তদুপৰি পহলগাম আক্ৰমণৰ লগত জড়িত উগ্ৰপন্থীসকলক ক’ত থাকি সহায় কৰা হৈছে সেইটোও চিনাক্তকৰণৰ কাম চলি থকা বুলি সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে পহলগামৰ বৈশাৰণ উপত্যকাত আক্ৰমণ কৰে। এই আক্ৰমণত ২৬ জনলোক নিহত হয়।
আক্ৰমণত জড়িত উগ্ৰপন্থীসকল এতিয়াও পলাতক। তেওঁলোকক বিচাৰি উলিওৱাৰ বাবে সমগ্ৰ দক্ষিণ কাশ্মীৰত তালাচী চলোৱা হৈছে।