একেৰাহে ১০ দিন ধৰি নিয়ন্ত্ৰণ ৰেখাত তীব্ৰ উত্তেজনা!

1745470433 pakistan army

India Pakistan Conflict : পহলগাম কাণ্ডৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাইছে। শনিবাৰে নিশা নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত যুদ্ধবিৰতি চুক্তি উলংঘা কৰি গুলি চালনাৰ অভিযোগ উঠিছে পাকিস্তানী সৈন্যৰ বিৰুদ্ধে।

ADVERTISEMENT

উল্লেখ্য যে,ইয়াক লৈ পাকিস্তান সেনাই একেৰাহে দহটা নিশা যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

শনিবাৰে ৰাজস্থানত সীমান্ত সুৰক্ষা বাহিনীয়ে হাতত আটক হৈছে পাকিস্তানী ৰেঞ্জাৰছৰ এজন জোৱান। সেই ঘটনাৰ কেইঘণ্টামান পাতে যোৱা নিশা জম্মু-কাশ্মীৰৰ পাঁচখন জিলাৰ মুঠ আঠটা অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ সিটো পাৰে পাকিস্তানী সেনাই গুলীচালনা কৰে।

দাবী কৰা হৈছে যে যোৱা ১০ দিনত এইটোৱেই হৈছে সৰ্বাধিক যুদ্ধবিৰতি উলংঘা।

শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধৰ, নৌশ্বেৰা, সুন্দৰবাণী আৰু আখনূৰ অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তানী সেনাই অপ্ৰৰোচিত গুলীবৰ্ষণ কৰে ।

ভাৰতীয় সেনাইও ইয়াৰ প্রত্যুত্তৰ দিয়ে ৷ দেওবাৰে পুৱা ভাৰতীয় সেনাই কয় যে পাকিস্তানী সেনাই গুলীচালনা কৰাৰ পাছত ভাৰতীয় সেনাইও সমপৰ্যায়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দৰাচলতে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি নবীকৰণৰ পাছৰে পৰা নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত এনে ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে।

কিন্তু পহলগাম কাণ্ডৰ পাছত ভাৰত-পাক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰণ ৰেখাৰ কাষতো উত্তেজনা বৃদ্ধি পাইছে।

Exit mobile version