২০২৪-২৫ বিত্তীয় বর্ষত দেশত বিক্রী হ’ল ২.৬ কোটি গাড়ী, চাহিদাৰ শীৰ্ষত মাৰুতি

images 8 2

বিত্তীয় বর্ষ ২০২৪-২৫ত ভাৰতত ২.৬ কোটি গাড়ী বিক্রী হৈছিল। বার্ষিক আধাৰত যোৱা বিত্তীয় বর্ষত দেশত গাড়ী বিক্ৰীৰ পৰিমাণ ৬.৪৬ শতাংশ বৃদ্ধি পালে। দুচকীয়া বাহনৰ শিতানত যোৱা বিত্তীয় বর্ষত ১.৮৮ কোটি বাহন বিক্রী হৈছিল।

ADVERTISEMENT

পূৰ্বৰ বছৰৰ তুলনাত ২০২৪-২৫ বিত্তীয় বর্ষত দেশত দুচকীয়া বাহনব বিক্রী ৭.৭১ শতাংশ অধিক আছিল। ইফালে, নতুন বিত্তীয় বর্ষ ২০২৫-২৬ৰ প্ৰথম মাহ এপ্রিলত দেশত ২২ লাখতকৈ অধিক গাড়ী বিক্ৰী হ’ল। যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ২০২৫ৰ এপ্ৰিলত দেশত গাড়ী বিক্রী ২.৯৫ শতাংশ বৃদ্ধি পালে।

এপ্রিলত ১৬ লাখৰ অধিক দুচকীয়া বাহন বিক্রী হ’ল। ২০২৪ত এপ্ৰিলৰ তুলনাত ২০২৫ৰ এপ্রিলত দেশত দুচকীয়া বাহনৰ বিক্ৰী ২.২৫ শতাংশ বৃদ্ধি পালে। ফেডাৰেচন অব অট’ম’বাইল এছ’চিয়েচনে বিত্তীয় বর্ষ ২০২৫ আৰু এপ্রিল ২০২৫ৰ যান-বাহন বিক্ৰীৰ প্রতিবেদন প্রকাশ কৰিলে।

এপ্রিলত দেশত হিব’ৱে সর্বাধিক ৫.১১ লাখ দুচকীয়া বাহন বিক্রী কৰিছিল। আনহাতে, এপ্ৰিলত গাড়ী বিক্ৰীৰ ক্ষেত্ৰত মাৰুতি ছুজুকীয়ে ৩৯.৪৪ শতাংশ অংশীদাৰিত্বৰে মুঠ ১,৩৮,০২১ খন গাড়ী বিক্রীবে শীর্ষত আছিল।

অৱশ্যে ২০২৪-২৫ বিত্তীয় বর্ষত দেশত বাণিজ্যিক গাড়ীৰ বিক্ৰী ০.১৭ শতাংশ হ্রাস পালে। এই সময়ছোৱাত দেশত মুঠ ১০,০৮,৬২৩ খন বাণিজ্যিক গাড়ী বিক্রী হৈছিল।

Exit mobile version