Pakistan violates ceasefire : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত উঠিছে। এই পৰিৱেশত, পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ সেনা চৌকিসমূহত নিৰন্তৰ গুলীবৰ্ষণ কৰিছে।
একেৰাহে ১২ দিন ধৰি জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তান সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আহিছে। সেনাই জনোৱা অনুসৰি, সোমবাৰে নিশা কাশ্মীৰৰ কুপৱাৰা, বাৰামুলা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নওচেৰা, সুন্দৰবানী আৰু আখনুৰত গুলীচালনা কৰা হয়।
পাকিস্তানৰ এই কাপুৰুষালি আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই।
বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত সংঘটিত ঘটনাৰ পাছত পাকিস্তানে ২৪ এপ্ৰিলৰ পৰা নিৰন্তৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আহিছে।
যোৱা কেইদিনমানত কুপৱাৰা, আখনুৰ, বাৰামুলাকে ধৰি কেবাটাও খণ্ডত যুদ্ধবিৰতি উলংঘন কৰা হৈছে। প্ৰতিবাৰেই, পাকিস্তানক সেনাই উপযুক্ত প্ৰত্যুত্তৰ দিছে।






























