Operation Sindoor 2025: আৰম্ভ হৈছিল মাজ নিশা এক বাজি পাঁচ মিনিটত।পুৱা এক বাজি ৩০ মিনিটত কাম সম্পূৰ্ণ ! মাত্ৰ ২৫ মিনিটত ২৪ বাৰ আক্ৰমণ কৰি অধিকৃত কাশ্মীৰ আৰু পাক পাঞ্জাৱৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে ভাৰতীয় সেনাই । ।
মঙলবাৰে নিশা ‘অপাৰেচন সিন্দূৰ’ অভিযানত কমেও ৭০জন উগ্ৰপন্থী নিহত হোৱা বুলি চৰকাৰী সূত্ৰই দাবী কৰিছে।
কিন্তু এই সন্দৰ্ভত ভাৰত চৰকাৰ বা ভাৰতীয় সেনাৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই।অৱশ্যে, পাকিস্তানে দাবী কৰিছে যে ভাৰতীয় আক্ৰমণত ২৬ জন লোক নিহত হৈছে।
আন্তঃ-সেৱা জনসম্পৰ্কৰ (আইএছপিআৰ) মুৰব্বী লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে বুধবাৰে বিয়লি জনাই যে ভাৰতীয় আক্ৰমণত আটাইতকৈ বেছি হতাহত হৈছে বাহাৱালপুৰৰ আহমেদপুৰ পূব চহৰত।
তাতে ১৩ লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত তিনি বছৰীয়া দুটা শিশু, সাতগৰাকী মহিলা আৰু চাৰিজন পুৰুষ। ইয়াৰ উপৰিও ২৮ জন পুৰুষ আৰু নগৰাকী মহিলাকে ধৰি ৩৭ জন লোক আহত হৈছে।
পাকিস্তান সেনাই লগতে দাবী কৰিছে যে কোনো ভাৰতীয় যুদ্ধ বিমানে পাকিস্তানৰ আকাশমাৰ্গ উলংঘা কৰিবলৈ অনুমতি দিয়া নাই।
ভাৰতীয় চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় সেনাই প্ৰতিশোধ লোৱা ন’টা স্থানৰ ভিতৰত চাৰিখন পাকিস্তানত আৰু পাঁচখন পাক অধিকৃত কাশ্মীৰত।
পাকিস্তানী পঞ্জাৱৰ চাৰিটা স্থান বাহাৱালপুৰ, মুৰিদকে, আৰু ছিয়ালকোট আৰু কোটলিত আক্ৰমণ সংঘটিত কৰা হৈছে ।
আনহাতে, পাকিস্তান দখল কৰা কাশ্মীৰৰ মুজাফ্ফৰাবাদ, গুলপুৰ, ভীম্বাৰ, চাক আমৰু, বাগ আদিত আক্ৰমণ চলিচে ।চোৰাংচোৱাৰ সূত্ৰ অনুসৰি ভাৰতীয় চোৰাংচোৱা সংস্থাটোৱে বিভিন্ন প্ৰযুক্তি আৰু বৃহৎ সংখ্যক সূত্ৰ ব্যৱহাৰ কৰি ন’টা স্থান চিনাক্ত কৰিছে।
সেই ‘ইনপুট’ সেনাবাহিনীলৈ যায়। আৰম্ভ হ’ল ‘অপাৰেচন সিন্দূৰ’ৰ গতি। তাৰ পাছত আহে মঙলবাৰ প্ৰতিশোধৰ নিশা ।
আৰু আক্ৰমণত Scalp আৰু Hammer missile ৰ দৰে বিশেষ গোলাবাৰুদ ব্যৱহাৰ কৰা হয়।