Operation Sindoor: বিগত ২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বাছি বাছি ২৫ জন নিৰীহ পৰ্যটকক হত্যা কৰিছিল। তাতে এজন স্থানীয় কাশ্মীৰীয়েও পৰ্যটকক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল।
১৫ দিনৰ পাছত প্ৰতিশোধ ল’লে ভাৰতে। লক্ষ্য হত্যাৰ প্ৰতিশোধ। ভাৰতীয় সেনাৰ উপযুক্ত প্ৰত্যুত্তৰে মৃতকৰ আত্মাক শান্তি দিব বুলি বুলি বিশ্বাস কৰিছে শোকসন্তপ্ত পৰিয়ালসমূহে।
তেঁওলোকে জনাইছে যে,প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰৰ ওপৰত তেঁওলোকৰ বিশ্বাস আছিল। ‘অপাৰেচন সিন্দুৰ’ই সেই বিশ্বাসক দৃঢ় কৰি তুলিছে বুলি কয় আপোনজনক হেৰুৱা পৰিয়ালসমূহে।
বিগত ২২ এপ্ৰিলত বৈশাৰণ উপত্যকাত প্ৰাণ হেৰুৱালে ৩০ বছৰীয়া শুভম দ্বিবেদীয়ে। তেওঁৰ পত্নী আৰু ভনীয়েকৰ স’তে ভ্ৰমণলৈ গৈছিল। তাৰ পৰা তেওঁ জীৱিত অৱস্থাত উভতি আহিব নোৱাৰিলে ।স্বামীৰ নিথৰ মৃতদেহটো লৈ ঘৰলৈ উভতি আহিল অসন্য দ্বিবেদী।
‘অপাৰেচন সিন্দুৰ’ৰ পাছত তেওঁ কয়, “মোৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ। মোৰ সমগ্ৰ পৰিয়ালৰ তেওঁৰ ওপৰত বিশ্বাস আছিল। তেওঁ যিদৰে সঁহাৰি জনাইছে, সেইটোৱে আমাৰ বিশ্বাসক দৃঢ় কৰি তুলিছে। মোৰ প্ৰয়াত স্বামীৰ প্ৰতি এইটো এটা উপযুক্ত শ্ৰদ্ধাঞ্জলি। তেওঁ য’তেই নাথাকক কিয়, আজি তেওঁ শান্তি পাইছে।”
নৌসেনাৰ লেফটেনেণ্ট জেনেৰেল বিনয় নৰৱালে পহলগাম ভ্ৰমণৰ সময়তে প্ৰাণ হেৰুৱালে। তেওঁৰ পিতৃ ৰাজেশ নৰৱালে কয়, “যেতিয়া এই ঘটনা ঘটিছিল, তেতিয়া মই কৈছিলো যে ভাৰত চৰকাৰৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আজি তেওঁলোকে নিজৰ কাম কৰিলে।”
তেওঁ লগতে কয়, “যিসকলে সন্তান হেৰুৱাইছে তেওঁলোকে কেতিয়াও ঘূৰাই নাপাব। কিন্তু এই বিপৰ্যয়ে সন্ত্ৰাসবাদীৰ মনত ভয়ৰ সৃষ্টি কৰিব। তেওঁলোকে ভৱিষ্যতে কাপুৰুষালিৰ আক্ৰমণ চলাবলৈ ভয় কৰিব।”
নিৰীহ পৰ্যটকক ৰক্ষা কৰি প্ৰাণ হেৰুৱালে স্থানীয় কাশ্মীৰী চৈয়দ আদিল হোছেইন শ্বাহে। আজি ভাৰতীয় সেনাৰ প্ৰতিশোধত তেওঁৰ পৰিয়ালো সন্তুষ্ট। ভাতৃক হেৰুৱাই ছায়েদ নৌছাদে কয় যে, “মই আমাৰ সেনা, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছো যে তেওঁলোকে উপযুক্ত উত্তৰ দিলে।নিৰীহ লোকৰ হত্যাৰ প্ৰতিশোধ ল’লে। মই গৌৰৱান্বিত তেওঁলোকৰ ওপৰত বিশ্বাস আমাৰ আছে।”
আনহাতে এই আক্ৰমণত আই বি বিষয়া ঝলদাৰ মনীষ ৰঞ্জন মিশ্ৰইও প্ৰাণ হেৰুৱালে। পৰিয়ালৰ হৈ ভাতৃ ৰাহুল ৰঞ্জন মিশ্ৰই কয়,এয়া মাত্ৰ আৰম্ভ হৈছে। আমি বিচাৰো যে সন্ত্ৰাসবাদী আৰু তেওঁলোকক সমৰ্থন আৰু আশ্ৰয় দিয়াসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হওক। ভাৰততো বহুতো পাকিস্তানী অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত বিভিন্ন কথা পোষ্ট কৰি আছে। আমি বিচাৰো যে তেওঁলোকক সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক আৰু একেদৰেই শাস্তি দিয়া হওক।”