Operation Sindoor: ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ ক লৈ কি ক’লে বলিউডে?
পহলগামৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতে। ১৫ দিনৰ পাছত ‘অপাৰেচন সিন্দূৰ অভিযান’ত ধ্বংস কৰা হৈছে পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ।
মঙলবাৰে মাজনিশা চলিল এই অভিযান।বলীউডৰ তাৰকাসকলেও ভাৰতৰ এই পদক্ষেপক উদযাপন কৰিছে।
কংগনা ৰানাৱটে ‘অপাৰেচন সিন্দূৰ’ৰ এটা ল’গ’ শ্বেয়াৰ কৰে। তাৰ লগতে তেওঁ স্পষ্টকৈ জনাইছে যে, সন্ত্ৰাসবাদ একেবাৰে সহ্য কৰা নহ’ব ।
তেওঁ লিখিছে,” ভাৰতীয় সেনাৰ এই অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা স্থানত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছে। ”
ইফালে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গ’ল ‘অপাৰেচন সিন্দূৰ’ৰ এটা ল’গ’। দেশপ্ৰেমী লোটাছ শিবিৰৰ সমৰ্থক অভিনেতাজনে ‘অপাৰেচন সিন্দৰ’ৰ ল’গ’শ্বেয়াৰ কৰি লিখিছে, “জয় হিন্দ, জয় মহাকাল”।
ইয়াৰ উপৰিও অভিনেতা সুনিয়েল চেট্টীয়ে লিখিছে, “সন্ত্ৰাসবাদৰ কোনো স্থান নাই। সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব। কেৱল ন্যায়হে হ’ব। ”
অভিনেতা ৰিতেশ দেশমুখে লিখিছিল, “ভাৰতীয় সেনাৰ জয়। ভাৰত মাতৃৰ জয়। ”
বলীউডৰ পৰা, নিম্ৰত কৌৰ, সামান্থা ৰুথ প্ৰভু, বিবেক অগ্নিহোত্ৰী, বিক্ৰান্ত মেছী আৰু আন বহুতে ‘অপাৰেচন সিন্দূৰ’ৰ বাবে ভাৰতীয় সেনাক প্ৰশংসা কৰিছে।
অভিযানটোক কিয় ‘অপাৰেচন সিন্দূৰ’ বুলি নামাকৰণ কৰা হৈছে তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। হিন্দু মহিলাসকলে সাধাৰণতে বিবাহৰ চিহ্ন স্বৰূপে কপালত সিন্দূৰ পিন্ধে ।
অভিযোগ, পহলগামৰ সন্ত্ৰাসবাদীসকলে এই সিন্দূৰ মচি পেলাইছে। নিহতসকলৰ বহুতে নতুনকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।তেওঁলোক হানিমুনলৈ গৈছিল ঘটনাটোৰ পাছত, সদ্য বিধৱা মহিলাসকলৰ কৰুণ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
বিশেষকৈ ভাইৰেল হৈ পৰে হাৰিয়ানাৰ নৌসেনাৰ বিষয়া বিনয় নৰৱালৰ পত্নী হিমাংশী নৰৱালৰ ছবি। সেই প্ৰতিচ্ছবিখন প্ৰতীকী হৈ পৰাৰ বাবে এই অভিযানৰ নাম ৰখা হ’ল ‘অপাৰেচন সিন্দূৰ’। পৰ্যবেক্ষকসকলৰ এই অনুমান।