All-Party Meeting :পহলগাম আক্ৰমণৰ পাছত সৰ্বদলীয় বৈঠকত উপস্থিত নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পৰিৱৰ্তে, তেওঁ চৰকাৰী কাৰ্যসূচীৰ নামত ভোট প্ৰচাৰৰ উদ্দেশ্যে বিহাৰলৈ যায় ।
আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেন্দ্ৰই আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাছিল প্ৰধানমন্ত্ৰী মোডী। স্বাভাৱিকতে, ইয়াক প্ৰশ্ন কৰিছে কংগ্ৰেছে।
অপাৰেচন সিন্দূৰৰ এদিন পাছত, চৰকাৰে বিৰোধীসকলক বিষয়টো সন্দৰ্ভত অৱগত কৰিবলৈ এক সৰ্বদলীয় বৈঠক আহ্বান কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে জনাই, এই সময়ত সমগ্ৰ দেশ যে একত্ৰিত হোৱাৰ বাৰ্তা দিয়াটো প্ৰয়োজনীয়।
তাৎপৰ্যপূৰ্ণভাৱে, বৃহস্পতিবাৰে সংসদ ভৱনত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বিৰোধী শিবিৰৰ বহু শীৰ্ষ নেতা উপস্থিত থাকি সেই ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও উপস্থিত নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে, টিএমচিৰ সুদীপ বন্দোপাধ্যায়, সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, আপৰ সঞ্জয় সিং, শিৱসেনা উদ্ধৱৰ সঞ্জয় ৰাউত আৰু এনচিপিৰ সুপ্ৰিয়া সুলেৰাই বৈঠকত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাহিৰে কেন্দ্ৰৰ প্ৰায় সকলো শীৰ্ষ মন্ত্ৰী এই বৈঠকত উপস্থিত থাকে । বৈঠকখনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে। গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণো উপস্থিত আছিল।
সূত্ৰ অনুসৰি, গৃহমন্ত্ৰী শ্বাহে নিজেই বিৰোধীপক্ষক অপাৰেচন সিন্দূৰৰ বিষয়ে সকলো তথ্য প্ৰদান কৰিছে। যদিও প্ৰধানমন্ত্ৰী উপস্থিত নাছিল, তেওঁ ৰাজনাথ সিঙৰ জৰিয়তে তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে ।এই কথা প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৈঠকত উল্লেখ কৰে বুলি সূত্ৰসমূহে দাবী কৰিছে ।
বৈঠকৰ পূৰ্বে মোডীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ স’তে এখন বৈঠক তৈয়াৰ কৰিছে। পহলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয় ক্ষেপণাস্ত্ৰই মঙলবাৰে নিশা ‘অপাৰেচন সিন্দূৰ’ অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ন’টা স্থানত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে।
এই আক্ৰমণত বাহাৱালপুৰত জৈশ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়, মুৰাক্কাৰ লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনধ্বংস হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সমগ্ৰ অভিযানটো নিৰীক্ষণ কৰি আছিল । বৈদেশিক সচিব আৰু সেনাই বুধবাৰে এখন সংবাদমেলত আক্ৰমণৰ বিৱৰণ দিয়ে ।