Indo-Pak War:১৫খন চহৰক কৰিছিল টার্গেট পাক সেনাই

ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে সকলো টার্গেট, ভাৰতৰ দ্ৰোণ আক্ৰমণত পাকিস্তানৰ লাহোৰৰ এয়াৰ ডিফেন্স ৰাডাৰ ধ্বংস

PAK WAR

Indo-Pak War:

:বুধবাৰে ‘অপাৰেচন সিন্দূৰ’ ওপৰত অনুষ্ঠিত হোৱা প্ৰেছ ব্রিফিঙৰ সময়ত ভাৰতে নিজৰ সঁহাৰিক কেন্দ্ৰীভূত, জুখিব পৰা আৰু অ-এস্কেলেটৰী বুলি অভিহিত কৰিছিল । বিশেষভাৱে উল্লেখ কৰা হৈছিল যে পাকিস্তানী সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱা হোৱা নাছিল। ভাৰতৰ সামৰিক লক্ষ্যত যিকোনো আক্রমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু বুলি উল্লেখ কৰে ভাৰতীয় সেনাই ৷ আনহাতে ৭ আৰু ৮ মে’ৰ নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি আৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধাৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক লক্ষ্যত আক্ৰমণৰ চেষ্টা চলায়। কিন্ত আটাইকেইটা টার্গেটক ব্যর্থ কৰিলে ভাৰতীয় বায়ু সেনাই ৷ ইন্টিগ্ৰেটেড কাউণ্টাৰ ইউএএছ গ্ৰীড আৰু এয়াৰ ডিফেন্স ব্যৱস্থাৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হৈছিল। এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া কেইবাটাও স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানী আক্ৰমণৰ প্ৰমাণ দিয়ে।

ADVERTISEMENT

ইপিনে আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ কেইবাটাও স্থানত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি লয়। পাকিস্তানৰ লাহোৰত থকা এয়াৰ ডিফেন্স ৰাডাৰ ধ্বংস কৰিলে ভাৰতীয় সেনাই ৷

ইফালে ,জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধৰ আৰু ৰাজৌৰী খণ্ডৰ অঞ্চলত মৰ্টাৰ আৰু গধুৰ কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অপ্ৰৰোচিত গুলীচালনাৰ অব্যাহত ৰাখিছে পাকিস্তানে। পাকিস্তানৰ গুলীচালনাৰ ফলত তিনিগৰাকী মহিলা আৰু ৫ টি শিশুসহ ষোল্লজন নিৰীহ লোকৰ প্ৰাণ হেৰুৱাইছে। ভাৰতে পাকিস্তানৰ পৰা মৰ্টাৰ আৰু আৰ্টিলাৰীৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই৷ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অন-এস্কেলেচনৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিব ৷

Exit mobile version