India Pakistan conflict: জম্মু আৰু কাশ্মীৰত ভাৰত-পাকিস্তান সংঘাতৰ সময়ত গোলাবর্ষণত প্ৰাণ গ’ল এগৰাকী মহিলা ! এই দাবী সৰ্বভাৰতীয় এক সংবাদ মাধ্যমৰ। লগতে আন এগৰাকী মহিলাও আহত হৈছে।
প্ৰতিবেদনত দাবী কৰা হৈছে, বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুল্লাত এখন গাড়ীৰ ওপৰত গোলা আহি পৰে। গাড়ীখন ৰাজাৱনীৰ পৰা বাৰামুল্লাৰ গৈ আছিল।সেই সময়তে মহুৰাৰ সমীপত এই ঘটনা সংঘটিত হয়।
ৰাজাৰৱানী নিবাসী বাছিৰ খানৰ পত্নী নৰ্গিছ বেগমৰ মৃত্যু। আহত হয় হাফিজা নামৰ আন এগৰাকী মহিলা। শীঘ্ৰে তেওঁক জিএমচি বাৰামুল্লাত ভৰ্তি কৰা হয়। তাত চিকিৎসাধীন হৈ আছে। ইফালে জম্মু-কাশ্মীৰৰ সীমান্তৰ গাঁৱৰ জৰাজীৰ্ণ অৱস্থাৰ বিভিন্ন ছবিও ভাইৰেল হৈ পৰিছে।
বিগত কিছুদিন ধৰি পাকিস্তানে উত্তৰ কাশ্মীৰৰ উৰিত অবিৰতভাৱে গোলাবৰ্ষণ কৰি আহিছে। পাকিস্তানৰ এই নিৰ্লজ্জ আক্ৰমণৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিশোধ লয়। শুকুৰবাৰে নিশা ভাৰতীয় সেনাই জল, স্থল আৰু আকাশৰ পৰা একেলগে কৰা আক্ৰমণৰ ফলত পাকিস্তানী প্ৰতিৰোধ ক্ষমতা ছিন্নভিন্ন হৈ পৰে।
কৰাচী বন্দৰত ভাৰতৰ বৃহৎ আক্ৰমণ। পাকিস্তানৰ ৰাজধানী ইছলামবাদতো এক বৃহৎ বিস্ফোৰণৰ শব্দ শুনা যায়। পাকিস্তানৰ কমেও ১৬খন চহৰত একেলগে সংঘটিত হৈছে ভাৰতীয় কাৰ্যকলাপ।