Balochistan: বেলুচ বিদ্ৰোহীয়ে পুনৰ আক্ৰমণ কৰে পাকিস্তানী সেনাক। বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মি (বিএলএ)ৰ যুটীয়া আক্ৰমণত কমেও ১৪ জন পাকিস্তানী জোৱান নিহত হৈছে।
বুধবাৰৰ পৰা বেলুচিস্তানত সংঘটিত দুটা পৃথক আক্ৰমণত ১৪ জন লোক নিহত হৈছে। প্ৰথমে বেলুচিস্তানৰ বোলানত পাকিস্তানী সেনাৰ কনভয়ৰ ওপৰত বিএলএৰ বিশেষ কৌশলগত অভিযান স্কোয়াডে (এছটিঅ’এছ) আইইডি আক্ৰমণ চলায়।
সেই ভিদিঅ’ ইতিমধ্যে প্ৰকাশ্যেত আহিছে ।চৰকাৰী সূত্ৰ অনুসৰি এই বিস্ফোৰণত ১২ জন পাকিস্তানী জোৱানে প্ৰাণ হেৰুৱাইছে।
পাকিস্তানী সেনাৰ নিহতৰ ভিতৰত আছিল স্পেচিয়েল অপাৰেচন কমাণ্ডাৰ তাৰিক ইমৰাণ আৰু চুবেদাৰ উমৰ ফাৰুক । আনহাতে, বুধবাৰে বিয়লি কেচৰ কুলাগ টিগ্ৰানত সংঘটিত পৃথক বিস্ফোৰণত পাকিস্তান সেনাৰ দুজন জোৱান নিহত হয়।
দুয়োটা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ বিদ্ৰোহীয়ে