India-Pakistan conflict: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ যৌথ বৈঠকত শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়।
সীমান্ত আৰু বিমানবন্দৰৰ নিৰাপত্তাৰ বিষয়ে আলোচনা কৰিবলৈ শ্বাহে সীমান্তৰক্ষী বাহিনী আৰু চিআইএছএফৰ মুৰব্বীসকলৰ স’তে বৈঠকত মিলিত হয়।
আনহাতে, শুকুৰবাৰে পুৱা দিল্লীত ভাৰতীয় সেনাৰ তিনিটা সেৱাৰ স’তে জৰুৰী বৈঠক অনুষ্ঠিত কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা নতুন মাত্ৰাত উপনীত হৈছে। দুয়োখন দেশৰ বাহিনীয়ে সীমান্তত গোলাবৰ্ষণ কৰিছে। একে সময়তে আকাশপথত ইটোৱে সিটোৰ ওপৰত আক্ৰমণ কৰিছে ভাৰত আৰু পাকিস্তানে।
এই পৰিবেশত ভাৰতৰ সীমান্তৰ নিৰাপত্তা আৰু অধিক সুদৃঢ় কৰা হয়। কেৱল সেয়াই নহয়, পূৰ্বৰ তুলনাত বিমানবন্দৰৰ নিৰাপত্তাও বৃদ্ধি পাইছে। লগতে কেবাটাও বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে।এই সকলোবোৰ পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শ্বাহে নিজৰ বাসগৃহত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে।
বি এছ এফ আৰু চি আই এছ এফৰ মুৰব্বীসকলৰ উপৰিও শ্বাহৰ বৈঠকত বিভিন্ন চোৰাংচোৱা সংস্থাৰ মুৰব্বীসকলেও অংশগ্ৰহণ কৰে। তদুপৰি গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলেও শ্বাহৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স’তে আলোচনাত মিলিত হয়।
শুকুৰবাৰৰ বৈঠকত মূলতঃ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। সূত্ৰ অনুসৰি ৰাজনাথে তিনিওজন সেৱা প্ৰধানৰ স’তে আলোচনা কৰিছে যে পৰৱৰ্তী পদক্ষেপ কি হ’ব পাৰে।