Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

kaki

ভাৰত পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ তথা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহু উদযাপন সমিতিলৈ জনোৱা আহ্বানক সন্মান ও সঁহাৰি জনাই অবিভক্ত নগাঁও জিলাৰ তথা বৰ্তমান হোজাই জিলাৰ অন্যতম কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিছে বিহু উৎসৱ।

ADVERTISEMENT

অহা ১২ আৰু ১৩ মে’ত ৰঙালী বিহুৰ কাৰ্যসূচী আছিল গামখাৰুৰ। ২৭ তম বৰ্ষত ভৰি দিয়া কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্যাপন সমিতিৰ ১২ মে’ৰ দিনা সদৌ অসম ভিত্তিত বিহু প্ৰতিযোগিতা আৰু ১৩ মে’ৰ দিনা জুৱলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠান আছিল। ইতিমধ্যে,অনুষ্ঠান বাতিলক লৈ উদযাপন সমিতিখনে প্ৰকাশ কৰিছে প্ৰেছ বিজ্ঞপ্তি।

Exit mobile version