ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

1746859164 sofiya

Ministry of External Affairs and Indian Army Press Briefing:ভাৰতৰ পশ্চিম সীমান্তত সেনা মোতােয়েন বৃদ্ধি কৰিছে পাকিস্তানে। শনিবাৰে ভাৰতীয় সেনাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত কোৱা হৈছে,”দেখা গৈছে, পাকিস্তান সেনাই নিজৰ জোৱানক আগুৱাই লৈ আহিছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আগ্ৰাসী উদ্দেশ্য প্ৰকাশ পাইছে।”

ADVERTISEMENT

কৰ্ণেল ছফিয়াই জনাইছে যে ,ভাৰতে পাকিস্তানৰ ৰফিকী, মুৰিদ, চাকলালা আৰু ৰহিম ইয়াৰ খানত থকা পাকিস্তান সেনাৰ বিমান ঘাটিত বিমান আক্ৰমণ চলাইছে।

ইয়াৰ উপৰিও চুক্কুৰ আৰু চুনিয়াত থকা পাকিস্তানৰ সামৰিক ঘাটি, পাছৰুৰ আৰু ছিয়ালকোটত থকা বিমান ঘাটিতো আক্ৰমণ কৰা হয়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ বিবৃতিত কোৱা হৈছে যে, ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ অব্যাহত আছে।

ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰ’ন আৰু অন্যান্য উপায়েৰে গোলাবৰ্ষণ চলি আছে। যদিও ভাৰতে অধিকাংশ আক্ৰমণ নিষ্ক্ৰিয় কৰিছে।

আদমপুৰ, উধামপুৰ, ভাটিন্দা আদি একাংশ ঠাইত ক্ষয়-ক্ষতিৰ খবৰো পোৱা গৈছে। পাকিস্তানী সৈন্যই শ্ৰীনগৰ, আৱন্তীপোৰা, উধামপুৰৰ চিকিৎসা সুবিধা আৰু বিদ্যালয়সমূহক লক্ষ্য কৰি লৈছে। “হাই-স্পীড মিছাইল লঞ্চ কৰা হৈছে।’

পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। ভাৰতীয় সেনা আৰু চৰকাৰে যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে।

শনিবাৰে পুৱাৰে পৰা একাধিক সংবাদ মাধ্যমে পাকিস্তানী সেনাৰ উদ্ধৃতি দি দাবী কৰিছে যে পাকিস্তানে ভাৰতীয় বায়ুসেনাৰ কেইবাটাও ঘাটি উৰুৱাই দিছে। ভাৰতৰ বিদ্যুতৰ আন্তঃগাঁথনিত চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। এই দাবীসমূহ মিছা বুলি বৈদেশিক সচিব গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে,আফগানিস্তানত ভাৰতীয় ক্ষেপণাস্ত্ৰ অৱতৰণ কৰা বুলি যি খবৰ বিয়পি পৰিছে সেয়াও মিছা বুলি জনাইছে কৰ্নেল ছফিয়াই। তেওঁ কয় যে, আফগানিস্তানৰ জনসাধাৰণক কোনখন দেশে বাৰে বাৰে আক্ৰমণ কৰিছে সেই কথা সোঁৱৰাই দিব নালাগে।

Exit mobile version