যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

1746862998 pakistan minister

India Pakistan conflict : ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰৰ মুখত শুনিবলৈ পোৱা গ’ল পৃথক ভাষ্য। তেওঁ জনালে যে,যদি ভাৰতে ‘আক্ৰমণ’ বন্ধ কৰে তেন্তে পাকিস্তানেও বন্ধ কৰিব।

ADVERTISEMENT

পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য ।

অৱশ্যে দাৰে লগতে কয় যে যদি ভাৰতে পুনৰ ‘আক্ৰমণ’ কৰে তেন্তে পাকিস্তানে ইয়াৰ প্ৰত্যুত্তৰ দিব। পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ আগত ডাৰে কয় যে তেওঁ এই বিষয়টো আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’কো জনাইছে।

তেওঁৰ কথাত, “আমাৰ ধৈৰ্য্যৰ সীমা শেষ হৈছে। সেইবাবে উত্তৰ দিছোঁ। তেওঁলোকে আক্ৰমণ বন্ধ কৰিলে, আমিও বন্ধ কৰাৰ কথা বিবেচনা কৰিম।”

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জনৰ লোক নিহত হৈছে। এই ঘটনাৰ বাবে ভাৰতে পাকিস্তানক জগৰীয়া কৰিছে । যদিও পাকিস্তান সেইটো অস্বীকাৰ কৰিছে।

তেতিয়াৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে, যি এতিয়া অধিক তীব্ৰতৰ হৈ পৰিছে। ভাৰতে যোৱা সাত মে’ত পাকিস্তানত এটা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে।

Exit mobile version