Assam Bhawan:
ভাৰত-পাকিস্তানৰ মাজত সংঘাত উত্তেজনাক লৈ সৃষ্টি হোৱা পৰিস্থিতিক লৈ উদ্বিগ্ন অসম চৰকাৰ ৷ বিভিন্ন ৰাজ্যত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰে অসম চৰকাৰে। শিক্ষাৰ্থী সকলে দেশৰ ৰাজধানী চহৰ দিল্লীস্থ অসম ভৱনৰ স’তে পোনপটীয়াকৈ কৰিব পাৰিব যোগাযোগ।
ADVERTISEMENT
ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰ কেইটা হ’ল 011-23010298, 2687711 ৷ একেদৰে অসম ভৱন, নতুন দিল্লীস্থ কাৰ্যালয়ৰ 9874355305, 8920570507 নম্বৰটো কৰিব পাৰিব যোগাযোগ ৷ উল্লেখ্য যে,২৪ ঘণ্টাই সক্রিয় হৈ থাকিব আটাইকেইটা নম্বৰ ৷