India Pakistan conflict: পাকিস্তানৰ গোলাবৰ্ষণত নিহত হৈছে ভাৰতীয় বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী। শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ উধামপুৰত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম সুৰেন্দ্ৰ কুমাৰ। তেওঁ আছিল বায়ুসেনাৰ চিকিৎসা দলৰ সদস্য। সেনা মুখ্য কাৰ্যালয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।
সুৰেন্দ্ৰ ৰাজস্থানৰ ঝুনঝুনুৰ বাসিন্দা। ১৪ বছৰ বায়ুসেনাত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল।
উদমপুৰৰ বায়ুসেনাৰ ৩৯ ত বিএছএফ ৱিংৰ সদস্য আছিল সুৰেন্দ্ৰ। সেনাৰ পৰাই তেওঁৰ ভায়েক জয়প্ৰকাশক সুৰেন্দ্ৰৰ মৃত্যুৰ খবৰ দিয়া হয়।
সুৰেন্দ্ৰৰ ককাক সুভাষ মোগাই কয় যে, সুৰেন্দ্ৰ সৰুৰে পৰাই সেনাবাহিনীত যোগদান কৰিবলৈ আগ্ৰহী আছিল।
ঘৰলৈ আহিলেই অঞ্চলটোৰ যুৱক-যুৱতীসকলক সেনাবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল।