BSF: দেশত যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে অমৃতচৰ সীমান্তৰ সমীপত উদ্ধাৰ হ’ল বিপুল পৰিমাণৰ গোলাবাৰুদ।
এই অস্ত্ৰসমূহ সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নযোগে অনাৰ সন্দেহ তদন্তকাৰী কৰ্তৃপক্ষৰ ।
বি এছ এফৰ বিষয়াসকলে জনোৱা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পঞ্জাৱ আৰক্ষী আৰু বি এছ এফৰ জোৱানসকলে যৌথ অভিযান আৰম্ভ কৰে।
অমৃতসৰৰ ভাৰত-পাক সীমান্তৰ সমীপৰ শ্বেখ ভাট্টি গাঁৱত এই অভিযান চলোৱা হয়। তাত ২.৭ কেজি বিস্ফোৰক, দুটা ডিটনেটৰ, দুটা হেণ্ড গ্ৰেনেড, দুটা পিষ্টল, চাৰিটা মেগজিন, আৰু ৩০ ৰাউণ্ড কাৰ্টিজকে ধৰি বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰা হয়।
এটা হালধীয়া ৰঙৰ প্লাষ্টিকৰ পেকেটৰ পৰা এই অস্ত্ৰ-শস্ত্ৰসমূহ জব্দ কৰা হয়। বৰ্তমান জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ পঞ্জাৱ আৰক্ষীৰ জিম্মাত আছে।
অমৃতসৰ গ্ৰাম্য আৰক্ষীৰ এছ এছ পি মণিন্দৰ সিঙে কয় যে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। স্থানীয় কোনো লোক জড়িত আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।






























