Pakistan: পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ বাবে ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ অব্যাহত আছে। এই পৰিবেশত পাকিস্তানী চোৰাংচোৱাই ভাৰতৰ সাংবাদিক আৰু জনসাধাৰণক ভাৰতীয় সৈনিকৰ ৰূপ লৈ ফোন কৰি এই অভিযানৰ তথ্য আহৰণ কৰিবলৈ চেষ্টা চলাইছে।
সতৰ্ক কৰি জনালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । এনে ফোন এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি,এটা হোৱাটছএপ নম্বৰ পৰা এই দেশৰ জনসাধাৰণ, সাংবাদিকসকলক ফোন কৰা হৈছে।
সেই নম্বৰটো হৈছে ৭৩৪০৯২১৭০২। ফোন নম্বৰ চিনাক্তকৰণ এপত নম্বৰটোকে ‘ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্ট’ বুলি দেখুওৱা হৈছে।
উল্লেখ্য যে,শনিবাৰে ভাৰতে পাকিস্তানৰ স’তে যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু দেওবাৰে ভাৰতীয় বায়ুসেনাই স্পষ্ট কৰি দিলে যে তেওঁলোকৰ পাকিস্তানী বিৰোধী সন্ত্ৰাসবাদ বিৰোধী অভিযান এতিয়াও অব্যাহত আছে।
