Cm Pressmeet:
সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷ বিজেপিয়ে আশা কৰা ধৰণেৰে পঞ্চায়ত নিৰ্বাচনত বিপুল জয়লাভ কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়বিজেপিয়ে মুঠ ৭৬.২২ শতাংশ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ১৮ শতাংশ আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷বিজেপিয়ে হিন্দু অধ্যুষিত অঞ্চলত ব্যাপক সহাৰী লাভ কৰাৰ সমান্তৰালভাৱে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত দ্বিতীয় স্থানত থাকি এক আশাপদ ফলাফল লাভ কৰে ৷ নিৰ্বাচনটোত কংগ্ৰেছ সংখ্যালঘু অঞ্চলতে নিজৰ সীমাবদ্ধতা থাকে ৷
মুখ্যমন্ত্ৰী কংগ্ৰেছত তীব্ৰ আক্ৰমণ কৰি কয় যে দলটোৱে এই নিৰ্বাচন তেওঁলোকে কোৱাৰ দৰে যদি চেমি ফাইনেল হয় ৷তেন্তে তেওঁলোক চেমি ফাইনেলতে পৰাভূত হ’ল ৷ গতিকে ২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ,ৰাইজৰ দল সহ আন আন দল সমূহৰ শোচনীয় পৰাজয় হোবাটো খাটাং ৷
পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বিপুল ভাৱে জয়লাভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,মিত্ৰজোঁটে মুঠ ৩৯৭ জিলা পৰিষদৰ ৩০০ আসনতে জয়ী হৈছে ৷ বিজেপিয়ে ২৭২, অগপই ২৮ আৰু আঞ্চলিক পঞ্চায়তৰ ১২৯৭ আসনৰ ভিতৰত ১২৬৫ খনত বিজেপি আৰু ১৭১ খনত অগপই বিজয়ী হয় ৷
উজনি ,নামনি ,মধ্য আৰু উত্তৰ অসমতে বিজেপি মিত্ৰজোঁটৰ এই ৰাজকীয় উদ্থানৰ লগে লগে দায়িত্ব বাঢ়িল চৰকাৰৰ ৷ গ্ৰামাঞ্চলৰ দ্ৰত উন্নয়নক প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থী সকল৷ ৰাইজৰ এই ব্যাপক সহাৰীৰ আশীৰ্বাদ হিচাপে লৈ আগন্তুক দিনত বিজেপি মিত্ৰজোঁটৰ ব্যাপক উন্নয়নৰ ধাৰা বোৱাব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া |