Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

SAINIK

Directorate of sainik welfare Assam:

অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতি আৰু সহায়ৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ ৷ এক বিবৃতি সৈনিক কল্যাণ সঞ্চালকালয়ে কয়, অৱসৰপ্ৰাপ্ত সেনা কৰ্মচাৰীৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা আৰু অসম মন্ত্ৰীসভালৈ “অপাৰেচন সিন্দুৰ”ত নিহত সাহসী সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতি আৰু সুদৃঢ় সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

ADVERTISEMENT

এই সংকটজনক সময়ত অসম চৰকাৰে যি চিন্তাশীল আৰু সংবেদনশীল পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ সাহসী সেনাসকলৰ পৰিয়ালৰ লগত একাত্মতা প্ৰকাশৰ বাবে, সেইটো সঁচাকৈয়ে প্রশংসনীয়। এই মহৎ উদ্যমই সশস্ত্ৰ বাহিনীৰ প্ৰতি অসম চৰকাৰৰ সন্মান, দায়িত্ববোধ আৰু মানৱিক দৃষ্টিভংগীক স্পষ্টকৈ প্ৰদৰ্শন কৰে।

জিলাস্তৰৰ এগৰাকী বিষয়াৰ দ্বাৰা সীমান্ত বা এল’অচি’ত কৰ্মৰত সেনাসকলৰ পৰিয়ালসমূহলৈ ব্যক্তিগতভাৱে গৈ সমৰ্থন আৰু সহায় আগবঢ়োৱা সিদ্ধান্তটো অসম চৰকাৰৰ সহানুভূতি, উত্তৰদায়িত্ব আৰু সেনাসকলৰ কল্যাণৰ প্ৰতি থকা সৎ ভাৱনাৰ প্ৰতিফলন কৰে।

এই পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে এটা দৃষ্টান্ত স্থাপন কৰিছে যি ৰাজ্য আৰু তাৰ সৈনিকসকলৰ মাজত থকা সুদৃঢ় বিশ্বাস, সন্মান আৰু সম্প্ৰীতিৰ বন্ধন অধিক দৃঢ় কৰে।

Exit mobile version