National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

পাকিস্তানৰ স'তে যুদ্ধবিৰতিৰ প্ৰভাৱ পৰিল, বজাৰত, নিফটিৰো বৃহৎ ঊর্ধ্বমুখী গতি

nse

National stock exchange:

পাকিস্তানৰে যুদ্ধবিৰতিৰ ঘোষণাৰ প্ৰভাৱত দেশৰ দুয়োখন শ্বেয়াৰ বজাৰৰ সূচকাংকৰ প্ৰবল উত্থান ঘটে বিনিয়োগকাৰীসকলক প্ৰচুৰ লাভান্বিত কৰি একেদিনাই বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স) প্রায় তিনি হেজাৰ পইন্ট অর্থাৎ ২,৯৭৫ পইণ্টৰ উত্থান ঘটে।

ADVERTISEMENT

উল্লেখ্য যে পাক-ভাৰত সংঘাতৰ প্ৰভাৱত যোৱা সপ্তাহত ভাৰতৰ শ্বেয়াৰ বজাৰৰ বৃহৎ পতন ঘটে। সপ্তাহৰ অন্তত যোৱা শনিবাৰে যুদ্ধবিৰতি ঘোষিত হোৱাত আজি ছেনছেক্সৰ ২,৯৭৫ পইন্ট উত্থান ঘটি ৮২,৪২৯০ পইন্ট হয়। শতাংশ হিচাপত আজি ছেনছেক্সৰ উত্থান প্রায় চাৰি শতাংশ হয়। সম উত্থান ঘটে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্ট’ক একচেঞ্জৰ সূচকাংক নিফটিৰো। উল্লেখ্য যে যোৱা শুকুৰবাৰে ছেনছেক্স ৭৯ হেজাৰৰ তললৈ নামি যায়।

আজি এই হতাশাজনক পৰিস্থিতিৰ অৱসান ঘটে। একেদৰে আজি নিফটিৰো ৯১৬.৭০ পইণ্টৰ বৃহৎ উত্থান ঘটে। ফলত আজি দিনান্তত নিফটি ২৪,৯২৪.৭০ পইন্ট হয়। দালালি প্রতিষ্ঠানসমূহে প্ৰকাশ কৰা অনুসৰি, আজি বোম্বে ষ্টক এক্সচেঞ্জত ক্ষুদ্ৰ আৰু মজলীয়া পুঁজিৰ প্ৰতিষ্ঠানসমূহৰ ষ্ট’কৰ লেখচিত্র অধিক বৃদ্ধি পায়। নিফটিত সর্বাধিক লাভবান হয় ইনফ’ছিছ, আদানী এণ্টাৰপ্ৰাইজ, শ্ৰীৰাম ফিনান্স, ট্রেন্ট আৰু এচিএল টেকন ‘লজিছৰ শ্বেয়াৰত বিনিয়োগকাৰীসকল। আজি মুঠতে শ্বেয়াৰ বজাৰলৈ ১৬ লাখ কোটি টকা ঘূৰি আহে।

Exit mobile version