দিনটোৰ ৰাশিফল

images 14 1

Horoscope: মেষ: স্বভাৱ সলনি কৰিব। ব্যৱসায়ত উন্নতি। জ্ঞান লাভৰ যোগ। বিদেশ ভ্ৰমণৰ যোগ। শুভ ৰং ক’লা। অশুভ ৰঙা। শুভ সংখ্যা ৪।

বৃষ: সকলো কথা গভীৰ ভাৱে লওক। কথা-বতৰাত ভদ্রতা ৰক্ষা পৰিব। খং-ৰাগ কমাব। শুভ ৰং হালধীয়া। অশুভ নীলা। শুভ সংখ্যা ৫।

মিথুন: মনত আনন্দ। পুৰণি বন্ধুৰ আগমন। শুভ সংবাদ পাব। বিদ্যাত শুভ। শুভ ৰং নীলা। অশুভ ৰঙা। শুভ সংখ্যা ৩।

কর্কট: সন্তানক লৈ চিন্তা। কোনো লোকে প্রতিশোধ ল’ব পাৰে। শৰীৰত সমস্যাই দেখা দিব। প্ৰেমত শুভ। শুভ ৰং আকাশী। অশুভ নীলা। শুভ সংখ্যা ২।

সিংহ: জ্ঞান লাভৰ যোগ। আনৰ পৰা বেছি আশা নকৰিব। বেপাৰ-বাণিজ্যত লোকচান। শুভ ৰং ৰঙা। অশুভ কলা। শুভ সংখ্যা ৫।

কন্যা: সৎ সাহস বৃদ্ধি পাব। আনক হিংসা নকৰিব। যান-বাহনৰ পৰা সাৱধান হ’ব। শুভ ৰং মুগা। অশুভ কমলা। শুভ সংখ্যা ২।

তুলা: দুষ্ট লোকে বিপথে নিব পাৰে। ভ্ৰমণত চিন্তা, সম্পত্তিক লৈ চিন্তা। শুভৰং আকাশী। অশুভ কলা। শুভ সংখ্যা ৩।

বৃশ্চিক: কৰ্মত উন্নতিৰ যোগ। আনৰ পৰা প্ৰেৰণা পাব। আর্থিকত উন্নতি, প্ৰেমত বাধা। শুভ ৰং সোণালী। অশুভ ৰঙা। শুভ সংখ্যা ৬।

ধনু: আনক আশা নিদিব। পেটৰ সমস্যা হ’ব পাৰে। পিতৃৰ স্বাস্থ্যক লৈ চিন্তা। শুভ ৰং হালধীয়া। অশুভ নীলা। শুভ সংখ্যা ৪।

মকৰ : তীর্থ ভ্রমণ হ’ব পাৰে। বেপাৰত ধন লাভ। পৰিয়ালৰ শুভ সংবাদ পোৱাৰ সম্ভাৱনা। শুভ ৰং মুগা। অশুভ ক’লা। শুভ সংখ্যা ৬।

কুম্ভ: যান-বাহন আদিৰ পৰা সাৱধান থাকিব। অযথা খৰচ নকৰিব। দাম্পত্যত সমস্যা। শুভ ৰং কমলা। অশুভ ৰঙা। শুভ সংখ্যা ৬।

মীন: প্ৰেমত বিবাহৰ সংযোগ। আলহীৰ আগমন হ’ব। ঘৰুৱা সমস্যা সমাধান হ’ব। ধন লাভ। শুভ ৰং বগা। অশুভ ক’লা। শুভ সংখ্যা ৫।

Exit mobile version