‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

India pakistan 2

Pakistan:যুদ্ধবিৰতিৰ পাছতো ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস হোৱা নাই। পাকিস্তান দূতাবাসৰ বিষয়াগৰাকীক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছিল নতুন দিল্লীয়ে।

ADVERTISEMENT

এইবাৰ পাকিস্তানৰ ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ এজন কৰ্মচাৰীকো একে নিৰ্দেশ দিলে।

বিবৃতিটোত কোৱা হৈছে যে, ‘পাকিস্তান চৰকাৰে ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ এজন কৰ্মীক অনিয়মিত কামত জড়িত হোৱাৰ অভিযোগত অবাঞ্চিত ব্যক্তি হিচাপে ঘোষণা কৰিছে।

পাকিস্তানত থকা ভাৰতৰ ৰাষ্ট্ৰদূতকো পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়লৈ মাতি আনি এই বিষয়ে অৱগত কৰা বুলিও তথ্য পোৱা গৈছে।

জ্ঞাত সূত্ৰৰ মতে, ভাৰতৰ এই সিদ্ধান্তৰ “প্ৰতিশোধ”ৰ বাবে খৰখেদাকৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে পাকিস্তানে।

প্ৰসংগক্ৰমে মঙলবাৰে ভাৰত চৰকাৰে ঘোষণা কৰে যে অভিযুক্ত পাকিস্তানী দূতাবাসৰ বিষয়াজন চৰকাৰী পদৰ বাহিৰৰ কাম-কাজত জড়িত হৈ আছে। সেয়েহে তেওঁক ‘পাৰ্ছনা নন গ্ৰেটা’ বুলি ঘোষণা কৰা হৈছে।

২৪ ঘন্টাৰ ভিতৰত বিষয়াজনক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত ইতিমধ্যে পাকিস্তান দূতাবাসৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী প্ৰেৰণ কৰা হৈছে।

২৪ ঘন্টাৰ ভিতৰত কূটনীতিবিদজনক দেশ এৰি যাবলৈ নিৰ্দেশ দিলে ভাৰত-পাক সংঘাতৰ পৰিৱেশত এক নতুন টুইষ্ট যোগ হ’ব পাৰে বুলি অনুমান কৰা হৈছিল।

এই পৰিস্থিতিত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীক একে ধৰণে অভিযোগ উত্থাপন কৰাটো আচলতে পাকিস্তানৰ ‘কূটনৈতিক চক্ৰান্ত’ বুলি গণ্য কৰে।

উল্লেখ্য যে, পহলগাম আক্ৰমণৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা প্ৰথম পাঁচ দফা কূটনৈতিক ধৰ্মঘটৰ সময়ত দূতাবাসৰ অধিকাংশ কৰ্মচাৰীক ‘পাৰ্ছনা নন গ্ৰেটা’ বা অবাঞ্চিত ব্যক্তি বুলি ঘোষণা কৰি দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল।

ইয়াৰ পাছতে ভাৰত চৰকাৰে আৰম্ভ কৰে অপাৰেচন সিন্দূৰ। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰি ন’টা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হয়। এশৰো অধিক জেহাদীক নিৰ্মূল কৰা হ’ল। যাৰ বাবে দুয়োখন দেশৰ মাজত ভাৰ্চুৱেল যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

Exit mobile version