Justice BR Govai Takes Oath:
দেশৰ নতুন মুখ্য ন্যায়াধীশ বি আৰ গাভাই। দেশৰ ৫২সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে বি আৰ গাভায়ে।
বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে শপতবাক্য পাঠ কৰোৱালে ন্যায়মুৰ্তি আৰ গাভাইক ৷ শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা,কে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সকলৰ লগতে সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাইও উপস্থিত থাকে ৷
ADVERTISEMENT