Cm Visit kasutali:
কচুতলীৰ উচ্ছেদিত স্থানত বুধবাৰে দুপৰীয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ উচ্ছেদিত অঞ্চল পৰিদৰ্শন সময়ত উচ্ছেদিত সংখ্যালঘু লোকৰ সৈতে বাৰ্তালাপত এজন উচ্ছেদিত লোকে কয়,’মামা আমাক থাকিবলৈ মাটি দিয়ক, মোৰ জন্ম ইয়াতেই’৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,তোৰ জন্ম চাৰ্টিফিকেট উলিয়াইলৈ তোক মাটি দিয়াৰ ব্যৱস্থা মই কৰি আছো’ ৷ কিন্ত এই অঞ্চলত সদ্যহতে ঘূৰাপকা কৰি নাথাকিবি ৷ কোন দালালৰ পৰা এই মাটি কিনিছিলি বুলিও সোধে উচ্ছেদিতজনক ৷
আনহাতে পৰিদৰ্শনৰ অন্তত উপস্থিত সাংবাদিকক মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,কচুতলীত অচিৰেই আৰম্ভ হ’ব দশম অসম আৰক্ষী বেটেলিয়ন মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকার্য ৷ প্রায় ১০০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ’ব কার্যালয়টো ৷ আগন্তুক ছমাহৰ ভিতৰত কাৰ্যালয়টোৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব ৷ ইয়াৰ বাবে ইতিমধ্যে সংশ্লিষ্ট বিভাগক দায়িত্ব দিয়া হৈছে ৷ কচুতলিৰ এই জনজাতি ব্লেটৰ ভূমিত কোনো এজন বেদখলকাৰীক থাকিব দিয়া নহ’ব ৷ বেদখলমুক্ত কৰা হ’ব কচুতলি ৷
# কচুতলিৰ ভূমিত এপিবিএনৰ চাউনি স্থাপনৰ বিৰোধিতা কেএমএছএছৰ
কচুতলিৰ ভূমিত এপিবিএনৰ চাউনি স্থাপনৰ বিৰোধিতা কেএমএছএছৰ ৷ এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেই কয়,কচুতলি ট্ৰাইবেল বেল্টৰ মাটি। গতিকে নিয়ম অনুসৰি ট্ৰাইবেলৰ বাবে সংৰক্ষিত ভূমিত দশম আৰক্ষীৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পাতিব নোৱাৰে। ট্ৰাইবেলৰ মাটি এনেকৈ চৰকাৰে কাঢ়ি লোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক ৷ চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে ৰাজপথত নামিব কেএমএছএছ ৷