Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান

মার্কিন হস্তক্ষেপতহে সংঘৰ্ষ বন্ধৰ দাবী বৈদেশিক মন্ত্রী ইছাক ডাৰৰ

isaq dar

Pak Foreign Minister Ishaq Dar:

যুদ্ধবিৰতিৰ পাছতো ভাৰতে সিন্ধু জলচুক্তি স্থগিতকৰণ বাহাল ৰখাক লৈ তীব্র ক্ষোভ প্ৰকাশ ইছলামাবাদৰ। দেশখনলৈ সিন্ধু নদী ব্যৱস্থাৰ পানী প্রবাহ বন্ধ হ’লে তাক যুদ্ধৰূপে গণ্য কৰাৰ হুংকাৰ দিছে পাকিস্তানে। এটা মার্কিন সংবাদ প্ৰতিষ্ঠানৰ স’তে হোৱা এক সাক্ষাৎকাৰত পাক বৈদেশিক মন্ত্রী ইছাক ডাৰে কয় যে ভাৰতে সিন্ধু জলচুক্তিক লৈ পাকিস্তানৰ সন্তোষজনক পদক্ষেপ গ্রহণ নকৰিলে সিয়ে যুদ্ধবিৰতিৰ ওপৰত আঘাত হানিব।

ADVERTISEMENT

যুদ্ধ বন্ধ হ’লেও সিন্ধু জলচুক্তিক বর্তমানলৈ কোনো আলোচনা হোৱা নাই। সিন্ধুৰ জল বন্ধ হ’লে তাক যুদ্ধৰূপে বিবেচনা কৰিব পাকিস্তানে।’ কেৱল সেয়াই নহয়, তেওঁ লগতে দাবী কৰে যে কাশ্মীৰ সমস্যা দুই দেশৰ সীমান্তত উত্তেজনা সৃষ্টিৰ মূল কাৰণ। কাশ্মীৰক লৈ ভাৰত চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰিলে সন্ত্রাসবাদী কার্যকলাপ হ্রাস পাব বুলিও পাক বৈদেশিক মন্ত্রীজনে এক তাৎপর্য মন্তব্য কৰে।

উল্লেখ্য যে পাকিস্তানৰে যুদ্ধবিৰতি চুক্তিত উপনীত হ’লেও ভাৰতে যোৱা শনিবাৰৰ পৰা প্ৰকাশ কৰি আহিছে যে সিন্ধু জলচুক্তি স্থগিতকৰণ বাহাল থাকিব। পহলগামৰ নাৰকীয় হত্যালীলাৰ প্ৰত্যুত্তৰ দি ভাৰতে ১৯৬০ৰ সিন্ধু জলচুক্তি স্থগিতকৰণকে ধৰি পাকিস্তানৰ বিৰুদ্ধে ভালেসংখ্যক কূটনৈতিক পদক্ষেপ গ্রহণ কৰে। তদুপৰি যোৱা সাত মে’ৰ পৰা ভাৰতে পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে। তেতিয়া পাকিস্তানে উন্মাদপ্ৰায় আচৰণ কৰি সাধাৰণ ভাৰতীয় লোকৰ ওপৰতে আক্ৰমণ সংঘটিত কৰে। ফলত দুই দেশৰ মাজৰ পৰিস্থিতিৰ দ্রুত অৱনতি ঘটে।

এনে অৱস্থাতে যোৱা শনিবাৰে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি ঘোষণা কৰে। সম্প্ৰতি পাক বৈদেশিক মন্ত্রীজনে সিন্ধু জলচুক্তিৰ আঁত ধৰি ভাৰতৰ প্ৰতি সকীয়নিসূচক মন্তব্য কৰা কাৰ্যই দুই দেশৰ মাজৰ সম্পৰ্কৰ পুনৰ অৱনতি ঘটাব পাৰে বুলি চর্চিত হৈছে।

ইপিনে, পাকিস্তানে আজিও ভাৰতৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰে। দেশখনে অভিযোগ উত্থাপন কৰিছে যে ভাৰতৰ অপাৰেছন সিন্দূৰ অভিযানত সাধাৰণ ৪০ জন পাক নাগৰিক নিহত হয়। এইসকলৰ মাজত শিশু আৰু মহিলাও আছে বুলি দেশখনে অভিযোগ উত্থাপন কৰিছে। লক্ষ্যণীয়ভাবে এই পর্যন্ত পাকিস্তানে ভাৰতৰ আক্ৰমণত সন্ত্রাসবাদী নিহত হোৱাৰ কথা স্বীকাৰ কৰা নাই। এনে অৱস্থাতে দেশখনে প্রকাশ কৰিছে যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্রত্যাঘাতত ১১ পাক সেনা নিহত হয়। পাকিস্তান চৰকাৰৰ জনসংযোগ মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্রত্যাঘাতত ৪০ জন পাক সৈন্য নিহত হোৱাৰ লগতে ৭৮ জন গুৰুতৰভাৱে আহত হয়।

অপাৰেছন সিন্দূৰ অভিযানত ১৫ টি শিশু আৰু সাতগৰাকী মহিলাসহ ৪০ জন সাধাৰণ পাক নাগৰিকৰো মৃত্যু হয় বুলি দেশখনৰ জনসংযোগ মন্ত্রণালয়ৰ তথ্যত অভিযোগ উত্থাপন কৰা হৈছে। তদুপৰি ভাৰতৰ প্রত্যাঘাতত ১২১ জন সাধাৰণ পাক নাগৰিক আহত হৈছে বুলিও ইছলামাবাদে অভিযোগ উত্থাপন কৰিছে।

আনহাতে, ভাৰতৰ প্রত্যাঘাতত প্রাণ হেৰুওৱা পাক সামৰিক বাহিনীৰ ১১ জন লোকৰ নামতালিকা আৰু তেওঁলোকৰ পদবীৰ তথ্যও ইছলামাবাদে সদৰী কৰিছে। উল্লেখ্য যে ভাৰতীয় সামৰিক বাহিনীয়ে প্রকাশ কৰা অনুসৰি অপাৰেছন সিন্দূৰত ৩৫-৪০ জন পাক সেনা নিহত হয়। সম্প্রতি ইছলামাবাদে প্রকাশ কৰা তথ্যত ১১ জন নিহত হোৱাৰ কথা কোৱা হৈছে। এইসকল হ’ল পাকিস্তানী সেনাবাহিনীৰ নায়ক আব্দুল ৰহমান আৰু ৱাকাৰ খালিদ, লেন্সনায়ক দিলৱাৰ খান আৰু ইক্রামোল্লাহ, জোৱান মহম্মদ আদিল আৰু নিছাৰ, স্কোৱাৰ্ডন লীডাৰ ওচমান ইউছুফ, ঔৰংগজেৱ, নাজিব, ফাৰুক আৰু ম’বাছিৰ।

উল্লেখ্য যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে দোহাৰি আহিছে যে অপাৰেছন সিন্দূৰত প্ৰথম অৱস্থাত কেৱল পাকিস্তানী সন্ত্রাসবাদী আৰু সন্ত্রাসবাদী শিবিৰকহে লক্ষ্য কৰা হয়। সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাত পাকিস্তানী সেনাই উন্মাদপ্ৰায় আচৰণ কৰি জম্মু-কাশ্মীৰত সাধাৰণ ভাৰতীয় লোকক আক্ৰমণ কৰাত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাক সেনাক প্রত্যাঘাত কৰে। বিগত কিছুদিনত পাক সেনাৰ নিৰ্বিচাৰ গোলাবর্ষণত জম্মু-কাশ্মীৰত শিশু-মহিলাসহ ২০ জনৰো অধিক সাধাৰণ ভাৰতীয় নাগৰিকে প্রাণ হেৰুৱায়। কেৱল সেয়াই নহয়, পাক গোলাবর্ষণত জম্মু-কাশ্মীৰ প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়া, ভাৰতীয় সেনা জোৱান আদিও ছহিদ হয়।

Exit mobile version