Pahelgam: পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
পহলগাম কাণ্ডৰ পাছত তৈয়াৰ কৰা হৈছে ১৪ জন স্থানীয় উগ্ৰপন্থীৰ ‘হিট লিষ্ট’। সেনাৰ সূত্ৰই দাবী কৰিছে যে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান আৰু ট্ৰালত যোৱা তিনিদিন ধৰি সেনাৰ অভিযানত সেই তালিকাৰ ছয়জন সন্ত্ৰাসবাদী নিহত হৈছে। এতিয়াও আৰু আঠ জন উগ্ৰপন্থী আছে।
এই সন্ত্ৰাসবাদীসকলৰ অৱস্থান বিচাৰি সমগ্ৰ জম্মু আৰু কাশ্মীৰত এটা অভিযান আৰম্ভ কৰা হৈছে।
পহলগাম কাণ্ডৰ পাছত সেনা আৰু প্ৰশাসনে স্থানীয় উগ্ৰপন্থীৰ তালিকা প্ৰস্তুত কৰি বহুজনৰ ঘৰ ভাঙি পেলায়। উগ্ৰপন্থীৰ সন্ধানত তালাচীও চলোৱা হয়।
বিগত মঙলবাৰে, সেনা আৰু আৰক্ষীয়ে শ্বপিয়ানত তিনিজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে। ইয়াৰ পাছত তেওঁলোকে এক অভিযানত নামিল।
দুয়োপক্ষৰ মাজত আৰম্ভ হয় বন্দুক যুদ্ধ । সামৰিক সূত্ৰৰ অনুসৰি, এই অভিযানত তিনিজন উগ্ৰপন্থী নিহত হয়। সেনাৰ সূত্ৰই জনোৱা মতে, শ্বোপিয়ানত নিহত তিনিজন উগ্ৰপন্থী হৈছে লস্কৰ-ই-টাইবা (LeT)।ট্ৰালত নিহত তিনিজন সন্ত্ৰাসবাদী জৈছ সন্ত্ৰাসবাদী সংগঠনৰ।
উল্লেখ্য যে,‘অপাৰেচন কেলাৰ’ত শ্বোপিয়ানত নিহত তিনিজন উগ্ৰপন্থী হৈছে শ্বাহিদ কুট্টে, আদনান শ্বাফি দাৰ, আৰু এহছান আহমেদ শ্বেখ।
সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ট্ৰালত সেনাৰ ‘অপাৰেচন নাদেৰ’ত নিহত উগ্ৰপন্থী তিনিজন হৈছে আছিফ আহমেদ শ্বেখ (২৮), আমিৰ নাজিৰ ৱানী (২০) আৰু ইয়াৱাৰ আহমেদ ভাট। তিনিওজনেই পুলৱামাৰ বাসিন্দা।
জয়ছ-ই-মহম্মদৰ লগত আছিফৰ সম্পৰ্ক আছিল। তেওঁ আৱন্তিপোৰাৰ জিলা অধিনায়ক। আছিফে ২০২২ চনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে।২০২৪ চনৰ পৰা পুলৱামাত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আমিৰে।য়াৱাৰৰ ক্ষেত্ৰতো একেই ।
ইফালে তালিকাত থকা আঠজন সন্ত্ৰাসবাদীক অনুসন্ধান চলাই থকা হৈছে –
আদিল ৰহমান ডেণ্টুঃ সোপুৰত লস্কৰৰ কমাণ্ডাৰ। ২০২১ চনৰ পৰা সক্ৰিয়।
হৰিশ নাজিৰঃ পুলৱামাৰ লস্কৰ উগ্ৰপন্থী।
আছিফ আহমেদ কণ্ডে: শ্বোপিয়ানত সক্ৰিয়। হিজবুল উগ্ৰপন্থী। পাকিস্তানী সন্ত্ৰাসবাদীৰ সমৰ্থক।
নাছিৰ আহমেদ ৱানীঃ লস্কৰ উগ্ৰপন্থী। শ্বোপিয়ানত সক্ৰিয়।
আমিৰ আহমেদ দাৰ: ২০২৩ চনৰ পৰা শ্বোপিয়ানত সক্ৰিয়।লস্কৰ আৰু টি আৰ এফৰ বাবে কাম কৰে।
জুবেৰ আহমেদ গনী: অনন্তনাগৰ হিজবুলৰ অপাৰেচনেল কমাণ্ডাৰ। ২০১৮ চনৰ পৰা সক্ৰিয়।
হাৰুণ ৰছিদ গনীঃ অনন্তনাগৰ হিজবুলৰ সক্ৰিয় সদস্য। জুবেৰ আহমেদ ঘনীঃ কুলগামত সক্ৰিয় লস্কৰ উগ্ৰপন্থী।
জুবাইৰ আহমেদ ঘনীঃ কুলগামত সক্ৰিয় লস্কৰ উগ্ৰপন্থী।