Gaza : গাজা ভূখণ্ডত নিশাটোৰ বোমাবর্ষণত কমেও ৫৪ জন লোক নিহত হৈছে । সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি বুধবাৰে নিশা গাজাৰ দক্ষিণৰ চহৰ খান ইউনিছত ধাৰাবাহিক বিমান আক্ৰমণ সংঘটিত হয়।
বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈ কমেও ১০ বাৰকৈ আক্ৰমণৰ ঘটনা সংঘটিত হয়।
স্থানীয় চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, এই পৰ্যন্ত ৫৪টা মৃতদেহ চিকিৎসালয়ৰ মৰ্গত আছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ইজৰাইল আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই প্ৰতিদিনে ক্ষতবিক্ষত হৈছে গাজাৰ ভূখণ্ড।প্ৰায় ডেৰ বছৰ ধৰি গাজাৰ বিধ্বংসী অৱস্থা।
অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পৰাই ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিছে।
তথ্য অনুসৰি,বুধবাৰে গাজাৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে। সংবাদ সংস্থাৰ মতে, মৃত্যুৰ সংখ্যা কমেও ৮০ জন।
সেই আক্ৰমণত কমেও ২০ টা শিশু মৃত্যু মুখত পৰিছে । সেই আক্ৰমণ শান্ত হোৱাৰ লগে লগে দক্ষিণ গাজাৰ খান ইউনিছ চহৰত আন এক আক্ৰমণ সংঘটিত হয়।