সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত বঙাইগাঁও জিলাৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ বৃহৎ সংখ্যক লোকে অসম গণ পৰিষদত যোগদান কৰে।
বুধবাৰে বিয়লি ভাগত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ উপস্থিতিত বঙাইগাঁৱৰ মোনাকোছাত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।
উক্ত কাৰ্যসূচীতেই কংগ্ৰেছৰ জ্যেষ্ঠ তথা সক্ৰিয় নেতা আলী আহমেদৰ নেতৃত্বত সদ্য নিৰ্বাচিত ছয় গৰাকী নিৰ্দলীয় পঞ্চায়ত সদস্য ক্ৰমে শ্বাহনাজ বেগম, হাবেল আলী, ছাদ্দাম হুছেইন, গোবিন্দ আৰ্য্য, ছিৰিন ৰুকছানা আৰু আমছেৰ আলী বনিয়াৰ লগতে কেবাগৰাকীও নেতা আৰু প্ৰায় এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰে।
এই সংক্ৰান্তত অগপ দলত যোগদান কৰিহে অত্যন্ত সুখী অনুভৱ কৰা বুলি নিজৰ মত ব্যক্ত কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতা আলী আহমেদে।গৰাইমাৰী পঞ্চায়ত উন্নয়ন কৰাই মূল লক্ষ্য বুলি উল্লেখ কৰি সম্প্ৰতি বঙাইগাঁও জিলাত কংগ্ৰেছক নেতৃত্ব দিয়া নেতা নাই বুলি সমালোচনা কৰে কংগ্ৰছক।
উক্ত যোগদান কাৰ্যসূচীত সাংসদ ফণী ভূষণ চৌধুৰীৰ উপৰিও বঙাইগাঁও সমষ্টিৰ বিধায়িকা দিপ্তীময়ী চৌধুৰী, অগপৰ জিলা সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।