CRPF :ধাৰাসাৰ বৰষুণৰ মাজতে ঝাৰখণ্ডৰ গভীৰ জংঘলত চলিছিল মাওবাদী দমন অভিযান। আৰক্ষী আৰু চি আৰ পি এফৰ সেই যৌথ অভিযানৰ সময়ত হঠাৎ বজ্ৰপাতৰ ফলত এজন চি আৰ পি এফ জোৱান নিহত হয়।
বজ্ৰপাত হৈছে আন এজন জোৱানো । তথ্য অনুসৰি তেওঁ পশ্চিম বংগৰ বাসিন্দা।শুকুৰবাৰে চি আৰ পি এফৰ পৰা এই তথ্য লাভ কৰা হৈছে।
চি আৰ পি এফৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা। সিংভূম জিলাৰ কেৰিবুডোৰৰ গভীৰ বনাঞ্চলত চি আৰ পি এফ আৰু ঝাৰখণ্ড আৰক্ষীয়ে অভিযান চলাইছিল।
বৃহস্পতিবাৰে অঞ্চলটোত কেবাবাৰো বৰষুণ হৈছিল। তাৰ মাজতে অপাৰেচন অব্যাহত আছিল ।
তেতিয়াই হাবিখন হঠাতে বজ্ৰপাতৰ জুই জ্বলি উঠে ।মৃত্যু হয় ৪৬ বছৰীয়া এম প্ৰভু সিঙৰ । তেওঁ ২৬ নং বেটেলিয়নৰ ছেকেণ্ড ইন কমাণ্ড অফিচাৰ আছিল। তেওঁৰ ঘৰ মণিপুৰৰ ইম্ফলত। ঘটনাস্থলিতে তেওঁৰ মৃত্যু হয়।
আনফালে গুৰুতৰভাৱে আহত সুবিৰ মণ্ডাল নামৰ চি আৰ পি এফৰ আন এজন জোৱান। ৪৯ বছৰীয়া সুবীৰ উত্তৰ ২৪ পৰগনাৰ বাসিন্দা।
সম্প্ৰতি ঝাৰখণ্ডৰ এখন চিকিৎসালয়ত তেঁও চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও ঝাৰখণ্ড আৰক্ষীৰ দুজন জোৱানো বজ্ৰপাতৰ ফলত আহত হয়। তেওঁলোকৰো চিকিৎসা চলি আছে।