Covid-19: পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত,ছিংগাপুৰ আৰু হংকঙত দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণ
পুনৰ মহামাৰীৰ আতংকৰ।হংকং আৰু ছিংগাপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ।এই দাবী কৰিছে ব্লুমবাৰ্গে। এছিয়াৰ দুখন বৃহৎ চহৰত সংক্ৰমণৰ হাৰক লৈ উদ্বেগ বৃদ্ধি পাইছে।
তথ্য অনুসৰি,হংকঙত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা । তিনি মে’লৈকে ক’ভিডত আক্ৰান্ত হৈ ৩১জন লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা।
আনহাতে, যোৱা সপ্তাহৰ তুলনাত ছিংগাপুৰত ২৮ শতাংশ সংক্রমণ বৃদ্ধি পাইছে৷ মে’ মাহৰ প্ৰথম সপ্তাহত আক্ৰান্তৰ সংখ্যা ১৪,২০০ ত উপনীত হয়।
তেওঁলোকৰ মাজত চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ ৩০ শতাংশ। এই সংখ্যা বিগত বছৰৰ ভিতৰত সৰ্বাধিক। অৱশ্যে প্ৰশাসনে জনাইছে যে নতুন ভেৰিয়েণ্টটো অধিক সংক্ৰামক হোৱাৰ কোনো প্ৰমাণ এতিয়াও পোৱা নাই।
ইফালে চীনতো পৰিস্থিতি ভাল নহয়।বিগত পাঁচ সপ্তাহৰ তুলনাত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।
এপ্ৰিল মাহত থাইলেণ্ডৰ পৰাও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তথ্য আহিছিল। এই পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, যে ভাৰতত পুনৰ কৰ’নাই ত্ৰাসৰ সৃষ্টি কৰিব নেকি ?
অৱশ্যে বিশেষজ্ঞসকলৰ মতে বৰ্তমান ভয়ৰ কোনো কাৰণ নাই। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বৰ্তমান দেশত কৰ’না আক্ৰান্তৰ সংখ্যা মাত্ৰ ৯৩ জন।
ক’ৰনা সংক্ৰমণৰ নতুন জোৱাৰে দেশত আঘাত কৰিব বুলি প্ৰশাসনে বিশ্বাস নকৰে।
উল্লেখ্য যে,২০১৯ চনৰ শেষৰ ফালে চীনৰ পৰা সমগ্ৰ বিশ্বলৈ মাৰাত্মক কৰ’না ভাইৰাছে বিয়পি পৰে।
ইয়াৰ ফলত বিশ্বৰ ৭০ লাখতকৈ অধিক লোকৰ মৃত্যু হয়। সমগ্ৰ বিশ্বই প্ৰাৰ্থনা কৰে যে মহামাৰীৰ সেই ভয়াবহ দিনবোৰ কেতিয়াও যাতে ঘূৰি নাহে। এনে পৰিস্থিতিত পুনৰ আশংকা বৃদ্ধি কৰিছে কৰ’না ভাইৰাছে।