Jammu and Kashmir: পহলগাম কাণ্ডৰ পাছৰে পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ গতি আৰু অধিক বৃদ্ধি কৰিছে সেনাই।সেনাই জনোৱা অনুসৰি,৪৮ ঘণ্টাৰ ভিতৰত দুটা অভিযান চলোৱা হৈছে।
মঙলবাৰে শ্বোপিয়ানৰ ‘অপাৰেচন কেলাৰ’ আৰু বৃহস্পতিবাৰে পুলৱামাৰ ট্ৰালত ‘অপাৰেচন নাদেৰ’ত মুঠ ছয়জন উগ্ৰপন্থী নিহত হয়।
কি দৰে এই অভিযান চলোৱা হৈছিল সেই বিষয়ে শুকুৰবাৰে ব্যাখ্যা আৰু বৰ্ণনা কৰে সেনাই । তেওঁলোকে দাবী কৰে যে এই অভিযান দুটা নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কৰা হৈছিল আৰু সফল হৈছিল।
শুকুৰবাৰে কাশ্মীৰ মণ্ডলৰ আৰক্ষী আয়ুক্ত ভি কে ভিৰডিয়ে জনাই যে, যোৱা ৪৮ ঘন্টাত ছটা সন্ত্ৰাসবাদীৰ ‘একাউণ্টাৰ’ হৈছে। কেলাৰৰ হাইলেণ্ড আৰু ট্ৰালৰ সীমান্তৱৰ্তী গাঁৱত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে এই অভিযান আৰম্ভ কৰা হয়।
জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফে সেই দুটা অঞ্চলত অভিযান চলাইছিল। চোৰাংচোৱা সূত্ৰই উগ্ৰপন্থীৰ গতিবিধি আৰু কাৰ্যকলাপ নিশ্চিত কৰাৰ পিছতহে এই অভিযান চলোৱা বুলি দাবী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। তেওঁৰ কথাত “সেনা, চি আৰ পি এফ আৰু আৰক্ষীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ৪৮ ঘণ্টাত দুটা অভিযান সফল হৈছে।’ এই অভিযানত মুঠ ছয় উগ্ৰপন্থী নিহত হয়। কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ ঘাটি ধ্বংস কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।’
আৱন্তিপোৰাত এক যৌথ সংবাদমেলত ভিক্টৰ ফৰ্চৰ মেজৰ জেনেৰেল ধনঞ্জয় যোশীয়ে অভিযান সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে।
তেওঁ জনাই,প্ৰথম সংঘৰ্ষ শ্বোপিয়ানৰ কেলেৰত সংঘটিত হৈছিল । বিগত ১২ মে’ত চোৰাংচোৱা বিষয়াই অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰে ।সেই তথ্যৰ ভিত্তিত ১৩ মে’ৰ পৰা উগ্ৰপন্থীৰ গতিবিধি চিনাক্ত কৰি অভিযান আৰম্ভ হয়।
দ্বিতীয় অভিযান আছিল ট্ৰালত। তথ্য অনুসৰি তাত থকা এটা ঘৰত আশ্ৰয় লৈছে উগ্ৰপন্থীয়ে। ভিক্টৰ ফৰ্চৰ মেজৰ জেনেৰেল ধনঞ্জয়ে জনোৱা মতে, এই খবৰ পোৱাৰ লগে লগে সীমান্ত গাঁওখন ঘেৰি ধৰা হয়।
তেওঁ দাবী কৰে যে উগ্ৰপন্থীয়ে আৰক্ষী আৰু সেনাৰ উপস্থিতি অনুভৱ কৰি পিছফালৰ পৰা গুলীচালনা আৰম্ভ কৰে। সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ধনঞ্জয়ৰ কয়, “আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল উগ্ৰপন্থীয়ে গাঁৱৰ মানুহক ঢাল হিচাপে ব্যৱহাৰ কৰাত বাধা দিয়া।” অতি দ্ৰুততাৰে আৰু নিপুণভাৱে উগ্ৰপন্থীৰ স্থান চিনাক্ত কৰাৰ পাছত অভিযান চলোৱা হৈছিল।”
উল্লেখ্য যে,‘অপাৰেচন কিলাৰ’ত শ্বোপিয়ানত নিহত তিনিজন উগ্ৰপন্থী হৈছে শ্বাহিদ কুট্টে, আদনান শ্বাফি দাৰ, আৰু এহছান আহমেদ শ্বেখ।
বৃহস্পতিবাৰে ট্ৰালত সেনাৰ ‘অপাৰেচন নাদেৰ’ত নিহত উগ্ৰপন্থী তিনিজন হ’ল আছিফ আহমেদ শ্বেখ (২৮), আমিৰ নাজিৰ ৱানী (২০) আৰু ইয়াৱাৰ আহমেদ ভাট।
তিনিওজনেই পুলৱামাৰ বাসিন্দা। তাৰ ভিতৰত আছিফৰ স’তে জৈছ-ই-মহম্মদৰ সম্পৰ্ক আছিল। তেওঁ আৱন্তিপোৰাৰ জিলা অধিনায়ক। ২০২২ চনৰ পৰা আছিফে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ স’তে জড়িত হৈ আছে। আমিৰ ২০২৪ চনৰ পৰা পুলৱামাত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ স’তে জড়িত ।
আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে শ্বোপিয়ানত নিহত উগ্ৰপন্থী তিনিজন লস্কৰ উগ্ৰপন্থী সংগঠনৰ স’তে জড়িত আছিল।