Israel Hamas Conflict: শুকুৰবাৰে নিশাৰ পৰা গাজা ভূখণ্ডত ইজৰাইলৰ আক্ৰমণত কমেও ১৪৬ জন পেলেষ্টাইনী নিহত হৈছে। আৰু বহু আহত হয়। গাজাৰ স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৰয়টাৰ সংবাদ সংস্থাই।
বিগত বৃহস্পতিবাৰৰ পৰা ইজৰাইলৰ বাহিনীয়ে গাজাত বিমান আক্ৰমণ চলাই আহিছে। শুকুৰবাৰে বৃহস্পতিবাৰে নিশা ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ফলত ১৪৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
উত্তৰ গাজাৰ মাৰৱান আল চুলতান চহৰৰ এখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে, মাজনিশাৰ পৰা ৫৮টা মৃতদেহ চিকিৎসালয়খনত অনা হয়।
অৱশ্যে এই ধ্বংসাৱশেষৰ তলত আৰু বহু মৃতদেহ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে।
গাজাৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৪৫০ জন লোক আহত হৈছে।ইজৰাইল আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই প্ৰতিদিনে গাজা ভূখণ্ডত ক্ষতবিক্ষত হৈ পৰিছে।
প্ৰায় ডেৰ বছৰ ধৰি গাজাৰ বিধ্বংসী অৱস্থা। অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পৰাই ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিছে।
বিগত পাঁচ মে’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছিল,ইজৰাইলী বাহিনীয়ে হামাছৰ বিৰুদ্ধে অধিক তীব্ৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে।
শুকুৰবাৰে ইজৰাইলৰ বাহিনীয়ে উত্তৰ গাজা ভূখণ্ডত বেইট লাহিয়া আৰু জাবালিয়া চহৰত আক্ৰমণ কৰে। ইয়াৰ পাছত গাজাবাসীক দক্ষিণৰ চহৰৰ ফালে যাবলৈ নিৰ্দেশ দিয়া হয়।
কিন্তু সাধাৰণ গাজাৰ বাসিন্দাসকলে অভিযোগ কৰে যে ইজৰাইলৰ টেংকসমূহো দক্ষিণৰ খান ইউনিছ চহৰৰ দিশে আগবাঢ়িছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি পশ্চিম এছিয়াত এই সংঘাত বন্ধ কৰিবলৈ চেষ্টা কৰি আহিছে।