Operation Sindoor: ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত পাল্টা ইটোৰ পাছত সিটো আক্ৰমণ কৰে পাকিস্তানে।কিন্তু সকলো আক্ৰমণৰ প্ৰচেষ্টাক ব্যৰ্থ কৰে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ।নিক্ষেপ কৰা হয় ৬০০ৰো অধিক পাকিস্তানী ড্ৰ’ন । এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই।
সূত্ৰ অনুসৰি অভিযানৰ লগে লগে ভাৰতে নিয়ন্ত্ৰণ ৰেখাৰ কাষত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰে। ‘সুদৰ্শন চক্ৰ’ ৰ লগতে মোতায়েন কৰা হয় ১০০০টা এণ্টি এয়াৰক্রাফ্টত বন্দুক আৰু ৭৫০টা চৰ্ত ৰেঞ্জ সাৰফেছ-টু- এয়াৰ মিছাইল ।
কোৱা বাহুল্য যে সঠিক সময়ত ভাৰতৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম ‘আকাশ তিৰ’ ব্যৱস্থাই তেওঁলোকৰ ফলপ্ৰসূতা আৰু অধিক বৃদ্ধি কৰে।
কেৱল সেয়াই নহয়, ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমৰ অন্যতম মূল উপাদান হৈছে এল-৭০ এয়াৰ ডিফেন্স বন্দুক, জু-২৩এম এম বন্দুক, চিলকা গান চিষ্টেম ইত্যাদি।
প্ৰসংগক্ৰমে কিছু মাহৰ আগতে আকাশ তিৰ প্ৰকল্পৰ অধীনত আকাশ তিৰ আৰু ইন্টিগ্ৰেটেড এৰিয়েল কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম সংযোজন কৰা হৈছিল।