‘প্রতিশোধ নহয়, ন্যায়বিচাৰ’, অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ প’ষ্ট কৰি বার্তা সেনাৰ 

IMG 20250518 150127

Operation Sindoor: অপাৰেচন সিন্দূৰ কোনো প্ৰতিশোধ নহয়। এটা ন্যায়বিচাৰ। এক্স হেণ্ডেলত নতুন এটা ভিডিঅ’ পোষ্ট কৰি এনে এটা বাৰ্তা প্ৰদান কৰিলে ভাৰতীয় সেনাই ।

ADVERTISEMENT

দেওবাৰে সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰৰ এক্স হেণ্ডেলত অপাৰেচন সিন্দূৰৰ এটা নতুন ভিডিঅ’ পোষ্ট কৰা হয়। ভিডিঅ’টোৰ আৰম্ভণিতে দেখা গৈছে এদল জোৱান।

তাৰ মাজৰে এজন কয়, “পহলগাম আক্ৰমণৰ পাছতে অপাৰেচন সিন্দূৰ আৰম্ভ হৈছিল। ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ শিক্ষা দিবলৈ ভাৰতৰ এই অভিযান । এয়া কোনো আক্ৰোশ বা প্ৰতিশোধ নহয়। এয়া ন্যায়বিচাৰ।”

ইয়াৰ পাছতে আন এজন সৈনিকে কয়, “পাকিস্তানৰ গুলীচালনা কৰা সকলো সামৰিক চকী ধ্বংস কৰা হৈছে।”

প্ৰসংগক্ৰমে বিগত ২২ এপ্ৰিলত লস্কৰৰ সংযুক্ত টি আৰ এফৰ চাৰিটা উগ্ৰপন্থীয়ে পহলগামত ২৬ জন নিৰিহ লোকক হত্যা কৰিছিল।

এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে সাত মে’ৰ পুৱা আৰু নিশা অভিযান চলায়।পাকিস্তান আৰু প’কত থকা ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়।

ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনবসতিপূৰ্ণ এলেকা আৰু সামৰিক ঘাটিসমূহত আক্ৰমণ কৰে। ভাৰতে কেৱল এই আক্ৰমণক প্ৰতিহত কৰাই নহয়, প্ৰতিশোধো লয়। পাকিস্তানৰ কমেও ১১টা বায়ুসেনাৰ ঘাটি ধ্বংস কৰা হৈছে।

তথ্য অনুসৰি,ভাৰতীয় সেনাৰ অভিযানত এতিয়ালৈকে ১০০ৰো অধিক উগ্ৰপন্থী আৰু ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হৈছে। অৱশেষত নতুন দিল্লীয়ে ইছলামবাদৰ নিৰ্দেশত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।

Exit mobile version