hyderabad: উগ্ৰপন্থীৰ সন্দেহত হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজন লোকক। চহৰখনত বৃহৎ বিস্ফোৰণৰ পৰিকল্পনা আছিল তেওঁলোকৰ । অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা আৰক্ষীৰ চোৰাংচোৰা বিভাগৰ (কাউণ্টাৰ ইনটেলিজেন্স চেল )যৌথ অভিযানত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে তেওঁলোকৰ পৰা বহু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁলোকে সোধা-পোছাৰ সময়ত এই পৰিকল্পনা স্বীকাৰ কৰিছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ধৃত ২৯ বছৰীয়া চিৰাজ-উৰ-ৰেহমান আৰু ২৮ বছৰীয়া চৈয়দ সমীৰ। ছৌদি আৰৱৰ আই এছ মডিউলৰ স’তে তেওঁলোকৰ সংস্পৰ্শ আছিল বুলি অনুমান কৰা হৈছে। মহানগৰীত কেনেকৈ আৰু ক’ত বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
এক গোপন সূত্ৰৰ ভিত্তিত অন্ধ্ৰ আৰু তেলেংগানা আৰক্ষীৰ যৌথ দলে প্ৰথমে অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰত তালাচী চলায়। তাৰ পৰাই ৰহমানক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তক জেৰা কৰি উদ্ধাৰ অনুসন্ধান লাভ কৰে দ্বিতীয় অভিযুক্তৰ। হায়দৰাবাদ চহৰৰ পৰা আটক কৰে সমীৰক।
এই ঘটনাৰ পাছতে প্ৰশাসনে সমগ্ৰ চহৰত ব্যাপক সতৰ্কবাণী জাৰি কৰিছে। ৰাজপথত খোজ কঢ়াৰ সময়ত সাধাৰণ জনতাক অতিৰিক্ত সতৰ্ক হ’বলৈ কোৱা হৈছে। লগতে জনসাধাৰণক প্ৰশাসনক সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
উল্লেখ্য যে, বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। উগ্ৰপন্থীৰ গুলীত ২৬ জন লোকৰ মৃত্যু। তেতিয়াৰ পৰাই উপত্যকাটোত কম্বিং অপাৰেচন আৰম্ভ হৈছে।
এই ঘটনাৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে কেবাটাও পদক্ষেপ গ্ৰহণ কৰে। ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানৰ কেবাটাও সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়। পাকিস্তানেও প্ৰতিশোধ লয়। দুয়োখন দেশৰ সংঘাতৰ বাবে কেবাদিনো উত্তৰ-পশ্চিম সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা সৃষ্টি হৈছিল।
বিগত ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। তাৰ মাজতে হায়দৰাবাদত এইবাৰ বৃহৎ বিস্ফোৰণৰ পৰিকল্পনা আৰু সন্ত্ৰাসবাদৰ স’তে সম্পৰ্ক ধৰা পৰিছে ।