Pakistan spy:পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ আন এজন।তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ ব্যৱসায়ী শ্বাহজাদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
অভিযোগ অনুসৰি বিগত কিছু বছৰ ধৰি সঘনাই পাকিস্তানলৈ গৈ আছিল ব্যৱসায়ীজন। লগতে তেওঁ চলাইছিল অবৈধভাৱে এটা ব্যৱসায় ।
উল্লেখ্য যে,পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ গ্ৰেপ্তাৰক লৈ উত্তাল দেশ ।
তাৰ পাছত পুনৰ উত্তৰ প্ৰদেশৰ এজন ব্যক্তিক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ সূত্ৰ অনুসৰি মোৰাদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্বাহজাদক ।
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে বিগত কেইবছৰমানৰ পৰা তেওঁ বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰি আহিছে। দুয়োখন দেশতে অবৈধভাৱে ব্যৱসায় চলাই আছিল। প্ৰসাধন সামগ্ৰী, কাপোৰ, মছলা আদি বিভিন্ন সামগ্ৰীও সৰবৰাহ কৰিছিল। আৰু এই ব্যৱসায়ৰ পৰ্দাৰ আঁৰত চোৰাংচোৱাগিৰি কৰা হৈছিল।
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে বিগত কেইবছৰমানৰ পৰা তেওঁ বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰি আহিছে। দুয়োখন দেশতে অবৈধভাৱে ব্যৱসায় চলাই আছিল।
প্ৰসাধন সামগ্ৰী, কাপোৰ, মছলা আদি বিভিন্ন সামগ্ৰীও সৰবৰাহ কৰিছিল। আৰু এই ব্যৱসায়ৰ পৰ্দাৰ আঁৰত চোৰাংচোৱাগিৰি কৰা হৈছিল।
শ্বাহজাদে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতীয় ধন আৰু ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল। আনকি তেওঁ ৰামপুৰৰ পৰা বহু লোকক পাকিস্তানলৈও পঠিয়াইছিল।
আই এছ আইয়ে নিজেই এই লোকসকলৰ বাবে ভিছাৰ ব্যৱস্থা কৰিছিল।পাছত ৰামপুৰৰ বাসিন্দাসকলে আই এছ আইৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল।






























