গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

images 31

Summer:গৰমৰ দিনবোৰ আৰম্ভ হৈছেহে; অথচ এতিয়াৰে পৰাই গাত অস্বত্বিভাবৰ সৃষ্টি হ’বলৈ ধৰিছে। শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত হাত-ভৰিৰ ত্বকো শুকান হৈ পৰিবলৈ ধৰিছে। শীতকালৰ মইশ্বাৰাইজাৰ সনাৰ সময়ো ইতিমধ্যে আঁতৰিছে।

ADVERTISEMENT

সেই শুকান ছালৰ বাবে অস্বস্তিৰ সৃষ্টি হোৱাৰে কথা। অৱশ্যে সমস্যা বুলি ভাবি অস্বস্তি প্রকাশ কৰি বহি থাকিলেইতো নহ’ব! সমাধানো বিচাৰিব লাগিব। গৰমৰ দিনতো ত্বক নমনীয় আৰু আকর্ষণীয় কৰি ৰাখিবলৈ হ’লে কি কি কৰা আৱশ্যক, সেয়াও এবাৰ চাই লোৱা উচিত।

গৰমৰ দিনবোৰত প্ৰখৰ ৰ’দৰ বাবে ত্বক পুৰি যোৱাৰ সম্ভাৱনা অধিক। গৰমৰ আতিশয্যৰ বাবে কেতিয়াবা দীঘল হাতৰ চোলা পিন্ধিবলৈকো মন নাযায়। সেইদৰে ছাতি, ছানগ্লাছ আদিও কেতিয়াবা বোজাস্বরূপ হৈ পৰে।

যেতিয়াৰ পৰাই আপুনি এই জৰুৰী বস্তুসমূহ বোজা বুলি ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াৰ পৰাই আপোনাৰ কোমল ত্বকৰো অৱস্থা হ’বলৈ ধৰিব। যি ত্বকৰ বাবে ২৫-২৬ বছৰ বয়সীয়া যুৱতীৰ প্ৰতিও মানুহৰ ষোড়শীৰ দৰে আকৰ্ষণৰ সৃষ্টি হয়, যি ত্বকৰ ফালে চালে এটা সময়ত দৃষ্টিও পিছলি গৈছিল, সেই ত্বকেই হয়তো লজ্জাৰ কাৰণ হৈ পৰে।

কিন্তু মুখ লুকুৱাই ফুৰিলে সমস্যাও নাথাকিব বুলিতো কোনো কথা নাই! সেই বাবেই আমাক সমাধানবো প্রয়োজন।

সচৰাচৰ প্ৰকৃতিয়ে আমাৰ শৰীৰত মইশ্বাৰাইজৰ ব্যৱস্থা কৰিয়ে পৃথিৱীলৈ প্ৰেৰণ কৰে। সেই সহজাত মইশ্বাৰ যদি বিপন্ন হয়, তেন্তে জীৱনো বিপন্ন হ’বলৈ বাধ্য! কি এই মইশ্বাৰ?

সেয়া হ’ল পানী। গৰমৰ দিনত ঘামৰ কাৰণে যিদৰে শৰীৰত পানীৰ পৰিমাণ দ্রুতগতিৰে কমিবলৈ ধৰে, সেইদৰে শুকান গৰমতো পানীৰ পৰিমাণ হ্রাস পায়।

ইয়াৰ ফলত সঘনাই পানী পান কৰাৰ প্ৰৱণতা বৃদ্ধি পায়। দিনে কমেও সাত-আঠ গিলাচ পানী পান কৰিলেহে এই অভাৱ দূৰ হ’ব পাৰে। মনত ৰাখিব, শৰীৰৰ পৰা পানী ওলাই গৈ আছে, অথচ সেয়া পুৰণ কৰিবলৈ কোনো ধৰণৰ চেষ্টা কৰা নাই; সেই মানসিকতা অক্ষুণ্ণ ৰাখিলে সোনকালে অসুস্থ হৈ পৰিব পাৰে।

একেসময়তে স্বাভাৱিক কমনীয়তা হেৰুৱাই ত্বকত অকাল জৰাগ্রস্ততাৰ লক্ষণ ফুটি উঠিব পাৰে। সেয়ে গৰমৰ দিনবোৰত পর্যাপ্ত পৰিমাণৰ পানী গ্রহণ কৰিব লাগে। ইয়াৰ উপৰি পানীৰ অভাৱ পূৰণ কৰিবলৈ ফলৰ বস, এল’ভেৰাৰ ৰস আদিও পান কৰিব পাৰে।

আঙুৰ, তিয়হ, জামু, আনাৰস, ছিবাল, তৰমুজ, আপেল, ৰঙা কেছিকাম খাব লাগে। ডায়েটত ফলমূল থাকিলে শৰীৰত জলয়ী দ্ৰৱণৰ সমতা অটুট থাকে। ত্বকো সঙ্গীৰ হৈ থাকে।

সেয়ে উৎকট গৰমত শৰীৰ সতেজ কৰি ৰাখিবলৈ ফল আৰু পানী সম পৰিমাণে গ্রহণ কৰিব লাগে। পাৰিপাৰ্শ্বিক বতৰত গৰম থাকিলেও ভিতৰৰ পৰা আপুনি ঠাণ্ডা হৈ থাকিব পাৰিব। শৰীৰো থাকিব সুস্থ।

ইয়াৰ উপৰি গৰমত ত্বক সুস্থ কৰি ৰাখিবলৈ অতিৰিক্ত ছ’ডিয়ামযুক্ত খাদ্যৰ পৰা দূৰত থাকিব। কম ৰাসায়নিকযুক্ত ফ্রেছৱাছ ব্যৱহাৰ কৰিব। ইউ ভি এ আৰু ইউ ভি বিৰ পৰা ৰক্ষা পাবলৈ এছ পি এছ-৩০ৰ বেছি ছানস্ক্রীণ লোচন ব্যৱহাৰ কৰিব।

দিনৰ বেলা বাহিৰলৈ ওলালে প্রতি চাৰি ঘণ্টাৰ অন্তৰালত নতুনকৈ ছানস্ক্রীণ ব্যৱহাৰ কৰিব। শৰীৰত জলীয় দ্রবণৰ মাত্রা সঠিক ৰাখিবলৈ হ’লে গ্রীণ-টি পান কৰিব পাৰে। গ্রীণ-টিত বৃহৎ পৰিমাণৰ শীতলীকৰণ শক্তি আছে।

গৰমৰ দিনত শৰীৰৰ তাপমাত্রা স্বাভাবিকভাবে ৰাখিবলৈ হ’লে গ্রীণ-টিয়ে ত্বক নিমজ কৰি ৰাখে। গৰমত ত্বকৰ যি ক্ষতিসাধন হয়, সেয়া পূৰণ কৰাত গ্রীণ-টি সিদ্ধহস্ত। পানীত গুড়ি কৰা চেনি আৰু গ্রীণ টি মিহলাই এটা মিশ্রণ তৈয়াৰ কৰি ত্বকত সানিব।

এই মিশ্রণে স্ক্ৰেবাৰৰ কাম কৰে। নিয়মিতৰূপে ব্যৱহাৰ কৰিলে অভাৱনীয় ফল লাভ কৰিব। ত্বকৰ অনাকাংক্ষিত স্কিন টোনৰ সমস্যাৰ পৰা ৰক্ষা কৰাত এই ঘৰুৱা প্রয়োগ অতি উপযোগী। একে সময়তে ত্বকৰ ক’লা দাগো দূৰ কৰি উজ্জ্বলতা আনি দিয়ে।

Exit mobile version