বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

যোৱা দহ বছৰত দ্বিতীয় বাৰ,মৃত তিনি ,আৰু পাঁচদিন বৰষুণৰ সম্ভাৱনা

1747742245 bengaluru flood

Bengaluru:১২ ঘন্টাত ১৩০ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত বেংগালুৰুত অৰাজক অৱস্থা। প্ৰশাসনৰ তথ্য অনুসৰি যোৱা দহ বছৰৰ ভিতৰত ১২ ঘণ্টাৰ ভিতৰত এইটোৱেই হৈছে দ্বিতীয় সৰ্বাধিক বৰষুণ।

ADVERTISEMENT

দেওবাৰে সন্ধিয়াৰ পৰা সোমবাৰে পুৱালৈকে হোৱা ধাৰাসাৰ বৰষুণে মহানগৰীৰ নিম্নভূমি অঞ্চল প্লাৱিত হয় ।

মঙলবাৰলৈকে তিনিজন লোকৰ মৃত্যু হৈছে। ধাৰাসাৰ বৰষুণত ডুব গৈছে পাঁচশৰো অধিক ঘৰ। অৱশ্যে বতৰ বিজ্ঞান বিভাগে জনাইছে যে বৰ্তমানেও বৰষুণ কমা নাই।

তেওঁলোকে আগন্তুক পাঁচ দিন বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।ফলত নিম্নভূমিৰ পৰা পানী নামি নগ’লে আৰু বহু অঞ্চল বানপানী হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি বৰষুণৰ ফলত কোৰমংগালা, বাসৱনাগুডি, বিটিএম লেআউট, মাৰাথাহল্লী, য়েলাহাংকা, হল বিমানবন্দৰ, শান্তিনগৰ, কেঙেৰী, কোডিগেহল্লী, মদনয়কহল্লী, মাদাভাৰা, বদেৰাহল্লী, চিক্কাভানাভাৰা আৰু কেম্পেগৌড়া বানপানীত বুৰ গৈছে।

মহানগৰীৰ কেবাটাও গুৰুত্বপূৰ্ণ পথো পানীত বুৰ গৈছে। ফলত যাতায়ততো ব্যাহত হৈছে। এনে পৰিস্থিতিত অধিক বৰষুণ পৰিলে বহু নতুন অঞ্চল বানপানীত বুৰ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

অৱশ্যে বৃহত্তৰ বেংগালুৰু পৌৰ নিগমৰ মুখ্য আয়ুক্ত মহেশ্বৰ ৰাৱে কয়,”কেতিয়াবা কেতিয়াবা পৰিস্থিতি হাতৰ পৰা ওলাই যায়।কিন্তু আমি কাম কৰিছো।”

স্থানীয় সূত্ৰৰ মতে, হোয়াইটফিল্ডৰ এটা ব্যক্তিগত কোম্পানীৰ এজন নিৰাপত্তাৰক্ষীৰ বৰষুণৰ ফলত দেৱাল ভাঙি মৃত্যু হয়।

তথ্য অনুসৰি,দক্ষিণ বেংগালুৰুত বিদ্যুৎস্পৃষ্ট হৈ এজন প্ৰাপ্তবয়স্ক আৰু এজন শিশুৰ মৃত্যু হয় ।বেছমেণ্টত জমা হোৱা পানী পাম্প কৰি উলিয়াই নিয়াৰ সময়ত সংঘটিত হৈছে এই কাণ্ড।

Exit mobile version