Golden Temple: পাকিস্তানৰ ড্ৰ’ন আক্ৰমণৰ পৰা স্বৰ্ণ মন্দিৰক ৰক্ষা কৰিবলৈ বেনাজিৰ পদক্ষেপ গ্ৰহণ কৰিছে সেনাই । শিখ সম্প্ৰদায়ৰ পবিত্ৰ এই তীৰ্থস্থানত দিয়া হৈছে এয়াৰ ডিফেন্স চিষ্টেম স্থাপনৰ অনুমতি । সোমবাৰে এই তথ্য ৰাজহুৱা কৰে বায়ুসেনাৰ বিষয়া লেফটেনেণ্ট সুমেৰ ইভান ডিকুনহাই।
সোমবাৰে সংবাদ মাধ্যমৰ স’তে হোৱা এক সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে কয় যে, “গোল্ডেন টেম্পল কৰ্তৃপক্ষৰ এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। পাকিস্তানৰ আক্ৰমণ ৰোধ কৰিবলৈ গোল্ডেন টেম্পল কৰ্তৃপক্ষই আমাক চৌহদত বিমান প্ৰতিৰক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ জমা কৰাৰ অনুমতি দিয়া হয়।কেৱল সেয়াই নহয়, স্বৰ্ণ মন্দিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দিৰৰ সকলো লাইট বন্ধ কৰি দিয়া হ’ল যাতে আক্ৰমণ কৰিবলৈ অহা ড্ৰ’নবোৰ আমি দেখিবলৈ পাওঁ।”
লগতে তেওঁ কয়, “আমি স্বৰ্ণ মন্দিৰতআক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে আমি মন্দিৰ কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ। ইয়ালৈ প্ৰতিদিনে লাখ লাখ তীৰ্থযাত্ৰী আহে।তেওঁলোকৰ সুৰক্ষাৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এই তীৰ্থস্থান সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ ল’বলৈ কৰ্তৃপক্ষৰ পৰা অনুমতি দিয়া হৈছে।”