Bomb blast: আজি পুৱা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত এখন স্কুল বাছত বোমা বিস্ফোৰণ! তিনি শিশুসহ পাঁচ জন লোকৰ মৃত্যু। আহত হৈছে কমেও ২০জন লোক।
স্থানীয় এজন উপ-আৰক্ষী আয়ুক্তই জনোৱা মতে, প্ৰথম অৱস্থাত এই ঘটনা আত্মঘাতী বোমা বিস্ফোৰণ বুলি ধাৰণা কৰা হৈছিল।
অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অপৰাধীৰ সন্ধানত আৰম্ভ হৈছে তদন্ত।
আৰক্ষী উপ আয়ুক্ত ইয়াছিৰ ইকবাল দস্তীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি,“স্কুল বাছখন খুজদাৰৰ জিৰ পয়েন্টৰ সমীপত ৰখাই থোৱা আছিল।সেই মুহূৰ্ততে হঠাতে বিস্ফোৰণ সংঘটিত হয়। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।তাৰ পৰা গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে কুৱেটা আৰু কৰাচীলৈ প্ৰেৰণ কৰা হয়।”
মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু সেনা।
এই ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে পাকিস্তানৰ স্বৰাজ মন্ত্ৰী মহছিন নাকভিয়ে। তিনি শিশুৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰে। লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
নাকভিয়ে কয়, “নিৰীহ শিশুক হত্যা কৰাসকল কোনো ক্ষমাৰ যোগ্য নহয়।” স্কুল বাছত শিশুক আক্ৰমণ কৰি অপৰাধীকেইটাই নিজৰ নৃশংসতা প্ৰদৰ্শন কৰে । দেশত অস্থিৰতা সৃষ্টিৰ বাবে শত্ৰুৰ এক জঘন্য ষড়যন্ত্ৰ।” আহতসকলৰ আশু আৰোগ্যৰ কামনাও কৰে নাকৱীয়ে।