প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

1747882889 rain

Heavy Rain: শিলাবৃষ্টিৰ লগতে ধুমুহা। প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধ্বস্ত হৈ পৰিছে দেশৰ ৰাজধানীৰ বিস্তৃত অংশ । প্ৰচণ্ড গৰমৰ পাছত বুধবাৰৰ সন্ধিয়াৰ পৰা দিল্লী আৰু কাষৰীয়া অঞ্চলত বৰষুণ আৰম্ভ হয়।

ADVERTISEMENT

লগতে আৰম্ভ হয় ধুমুহা আৰু শিলাবৃষ্টি। ধুমুহাৰ ফলত লোধি পথ এলেকাত ভাঙি পৰে বিদ্যুতৰ খুঁটা। ঘটনাটোত এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ মৃত্যু হয়।

আনহাতে ,উত্তৰ-পূব দিল্লীৰ গোকুলপুৰীত মূৰত গছ পৰি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱকৰ। বুধবাৰৰ নিশালৈকে দিল্লীৰ বিভিন্ন অঞ্চলৰ পৰা কমেও ১১জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

এই দুৰ্যোগৰ বাবে দিল্লী বিমানবন্দৰৰ সেৱাও ব্যাহত হৈ পৰে। দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে কমেও ১৩খন বিমান।

সেইসকলো বিমান আন ঠাইলৈ ডাইভাৰ্ট কৰা হয়। তথ্য অনুসৰি ,১২খন বিমান ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হৈছে। দিল্লী অভিমুখী এখন আন্তঃৰাষ্ট্ৰীয় বিমান মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে।

ইয়াৰ বাহিৰেও কম সময়ৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বিভিন্ন পথত পানী জমা হৈ পৰিছে। সৃষ্টি হৈছে যানযটৰ সমস্যা। দিল্লী আৰক্ষীয়ে দিল্লীবাসীক হাতত সময় লৈ ৰাজপথলৈ ওলাই আহিবলৈ পৰামৰ্শ দিয়ে।

দুৰ্যোগ আৰম্ভ হোৱাৰ পাছতে দিল্লী বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজধানীৰ কিছু অংশত বিদ্যুৎ সেৱা বন্ধ কৰি দিয়ে। সংস্থাটোৱে কয় যে এই সতৰ্কতামূলক ব্যৱস্থা বিদ্যুৎস্পৃষ্টৰ ফলত হোৱা দুৰ্ঘটনা ৰোধৰ বাবে কৰা হৈছে।

আনহাতে, শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত দিল্লী মেট্ৰ’ৰ ওভাৰহেড লাইন ক্ষতিগ্ৰস্ত হয়।কিছুদিনৰ বাবে ৰাজধানীত মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বুধবাৰে বিয়লিৰ পৰা উত্তৰ দিল্লীৰ পৰা দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিল্লীলৈ উলম্ব ডাৱৰ বিয়পি পৰিছে। ফলত কম সময়ৰ ভিতৰতে ৰাজধানীত ধাৰাসাৰ বৰষুণ হয়।

Exit mobile version