বিশেষভাৱে সক্ষম লোকসকলৰ বাবে গৃহ নিৰ্মাণ প্ৰকল্পৰ বাবে ৪% আবণ্টন, নতুন নিৰ্দেশনা কেন্দ্ৰৰ   

IMG 20250522 214728

housing project: কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আঁচনিত বিশেষভাৱে সক্ষম লোকৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ ঘোষণা। বৃহস্পতিবাৰে জাৰি কৰা এক অধিসূচনাযোগে এই কথা ঘোষণা কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে।

ADVERTISEMENT

বিজ্ঞপ্তিত কোৱা হৈছে,কেন্দ্ৰীয় চৰকাৰৰ গৃহ আবণ্টনত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ সিদ্ধান্ত লোৱা হৈছে । যিটো সকলোৰে মাজত সমতা বজাই ৰখাৰ বাবে চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ।

লগতে মন্ত্ৰালয়ে তৰফৰ জনাইছে যে প্ৰধানমন্ত্ৰীৰ ‘সবকা সাথ, সবকা বিকাশ’ আৰু ‘সুগম্য ভাৰত অভিযান’ৰ অংশ হিচাপে সকলোৰে সম অধিকাৰৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই চাৰি শতাংশ সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰৰ এক যুগান্তকাৰী চিন্তাধাৰাৰ প্ৰতিফলন ।

২০১৬ চনত বিশেষভাৱে সক্ষমসকলক অধিকাৰ আইন অনুযায়ী এই বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে ।

Exit mobile version