সন্ত্ৰাসবাদী আক্ৰমণৰ এমাহৰ পাছতো ছন্দ ঘূৰি অহা নাই পহলগামত!

1747918265 pahelgam

Pahalgam Terror Attack :বিগত ২২ এপ্ৰিলত পহলগামৰ বৈশাৰণত উগ্ৰপন্থীৰ আক্ৰমণ। পহলগামত পৰ্যটকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে ।

ADVERTISEMENT

এই আক্ৰমণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হৈছিল। প্ৰায় নিস্তব্ধ হৈ পৰে ভুস্বৰ্গ ।বন্ধ পৰ্যটকৰ যাতায়ত। যিয়ে স্থানীয় ব্যৱসায়ীসকলক হতাশ কৰি তুলিছে।

স্থানীয় ব্যৱসায়ীসকলে জনোৱা অনুসৰি, এই সময়ত প্ৰতি বছৰে পৰ্যটকৰে ভিৰ হৈ থাকে ভুস্বৰ্গ।পহলগাম কাশ্মীৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী।

কিন্তু সেই জনপ্ৰিয় পৰ্যটনস্থলীটো এতিয়াও নিস্তব্ধ হৈ পৰিছে। স্থানীয় পৰ্যটন ব্যৱসায়ী নাছিৰ আহমেদে সংবাদ সংস্থাক জনোৱা মতে, সন্ত্ৰাসবাদী আক্ৰমণৰ এমাহ হ’ল। যদিও এতিয়াও পহলগামত ছন্দ ঘূৰি অহা নাই ।

নাছিৰৰ কথাত “পহলগামত এনেকুৱা দৃশ্য আগতে কেতিয়াও দেখা নাই। পৰ্যটনেৰে ভৰা এই বতৰত এনে নিস্তব্ধতা কেতিয়াও দেখা নাই। এই বতৰত পহলগামলৈ প্ৰতিদিনে হেজাৰ হেজাৰ পৰ্যটক আহে। আৰু পৰ্যটকসকল আগমনত ব্যৱসায়সকল চলে। সকলোৰে পেট চলে।

কিন্তু এতিয়া সকলোৰে এটাই আশা,পুনৰ পৰ্যটকমুখৰ হৈ উঠিল পহলগাম। নব্বৈৰ দশকত উদ্ভৱ হোৱা সংকটৰ সময়তো পহলগাম ইমান নিস্তব্ধ নাছিল।”

নাছিৰে লগতে কয় যে, আন ৰাজ্যৰ পৰ্যটক অহাটো দূৰৰে কথা, জম্মু-কাশ্মীৰৰেই পৰ্যটক বৰ্তমান পহলগাম ভ্ৰমণলৈ অহা নাই।

Exit mobile version