Earthquake : গ্ৰীচত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০। ভূমিকম্পৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
জাৰ্মান জিঅ’ছায়েন্স ৰিচাৰ্চ চেণ্টাৰৰ তথ্য অনুসৰি গ্ৰীচৰ এল’উণ্ডাৰ পৰা ২০ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিমে ৬৯ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু।
সূত্ৰ অনুসৰি বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা আঠ বাজি ৫৯ বজাত গ্ৰীচৰ ক্ৰিট দ্বীপত প্ৰবল ভূমিকম্পই কঁপাইছিল। ইয়াৰ কিছু সময়ৰ পাছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।
যদিও এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে।
তুৰ্কী, লেবানন, ইজিপ্ত আৰু ইজৰাইলৰ বৃহৎ অংশত কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ পাছত গ্ৰীচৰ বতৰ বিজ্ঞান সেৱাই স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলক উপকূলৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে।
প্ৰসংগত,ক’বলৈ গ’লে গ্ৰীচ বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল। প্ৰতি বছৰে গড়ে প্ৰায় ২৫ হেজাৰ ভূমিকম্প হয়, মৃদু আৰু প্ৰবল দুয়োটা।
এথেন্স বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত গ্ৰীচৰ চাইক্লেডছ দ্বীপপুঞ্জৰ বিভিন্ন দ্বীপত ১৮,৪০০ৰো অধিক ভূমিকম্প সংঘটিত হয়।
তদুপৰি মাত্ৰ যোৱা সপ্তাহত গ্ৰীচৰ দক্ষিণ উপকূলৰ কাছ’ছ দ্বীপত এক প্ৰবল ভূমিকম্পই আঘাত হানিছিল। ইয়াৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। এসপ্তাহৰ পাছত গ্ৰীচতো একে পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিল।